কোভিড19 পৰিস্থিতিৰ বাবে অসমত কা' বিৰোধী প্ৰতিবাদৰ সুপ্ত হৈ থকা জুইকুৰা যেন পুনৰ জ্বলিবলৈ আৰম্ভ কৰিছে। বৃহস্পতিবাৰে যোৰহাটত আছুৰ উদ্যোগত তথা কেইবাটাও সংগঠনৰ সহযোগত দীৰ্ঘ বিৰতিৰ অন্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।
দীৰ্ঘদিনৰ অন্তত যোৰহাটত পুনৰ আৰম্ভ হ’ল কা' বিৰোধী প্ৰতিবাদ। কোভিড19 পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি শান্ত হৈ থকা পৰিৱেশ পুনৰ যেন উত্তাল হবলৈ ধৰিছে। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে বৃহস্পতিবাৰে যোৰহাট নগৰত যোৰহাট আঞ্চলিক ছাত্র সন্থা তথা অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৩০টা জনগোষ্ঠীয় সংগঠনকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কা'ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
শেহতীয়াকৈ চৰকাৰে আফগানিস্তানৰ কেইবাগৰাকী লোকক ভাৰতত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা হাতত লোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে। আনহাতে চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি একাংশ চুবুৰীয়া ৰাষ্ট্ৰৰ লোকে ধৰ্মান্তৰিতহৈ এই আইনৰ সহায়ত ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱা ঘটনা সন্দৰ্ভতো আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
"প্ৰতিকূল সামাজিক পৰিৱেশৰ বাবে বিগত ৩-৪ মাহ ধৰি আমি জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন আগুৱাই নিব পৰা নাছিলো। কিন্তু যোৰহাটত আজি পুনৰ এই 'কা' বিৰোধী সংগ্ৰামখন আৰম্ভ কৰা হ'ল আৰু 'কা' বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থাকে ধৰি অসমৰ অন্যান্য ছাত্ৰ সংগঠন তথা অসমৰ ৰাইজ ক্ষান্ত নাথাকে, ধাৰাবাহিক, নিৰৱচ্ছিন্ন ৰূপত শৃংখলাবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে এই সংগ্ৰাম আগবঢ়াই নিয়া হ'ব। ", যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈয়ে এনেদৰে কয়। ব
আছুৱে প্ৰকাশ কৰা মতে, আইনী যুজৰ সমান্তৰালকৈ অচিৰেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ ব্যাপক আন্দোলনৰ কাৰ্যসূচী সবল ৰূপত গ্ৰহণ কৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|