কোৰোণা চিকিত্‍সাৰ বাবে প্লাজমা দান দিয়া লোকক দিব ৭ হাজাৰকৈ টকা, পিছে কোনখন জিলাত?

News18 Assam | News18-Assam
Updated:July 25, 2020, 8:05 AM IST
কোৰোণা চিকিত্‍সাৰ বাবে প্লাজমা দান দিয়া লোকক দিব ৭ হাজাৰকৈ টকা, পিছে কোনখন জিলাত?
Source-Google

কোৰোণাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে যুঁজ। কোৰোণাক প্ৰতিৰোধ কৰিবলৈ চিন্তা কৰা হৈছে বিভিন্ন ধৰণৰ চিকিত্‍সা পদ্ধতি। তাৰে মাতে অন্যতম হ’ল প্লাজমা থেৰাপী।

  • Share this:
কোৰোণাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে যুঁজ। কোৰোণাক প্ৰতিৰোধ কৰিবলৈ প্ৰতিদিনে চিন্তা কৰা হৈছে বিভিন্ন ধৰণৰ চিকিত্‍সা পদ্ধতি। ইয়াৰ ভিতৰত অন্যতম হ’ল প্লাজমা থেৰাপী। ইতিমধ্যে অসমত কোৰোণাৰ পৰা সুস্থ হৈ উঠা লোকৰ পৰা গ্ৰহণ কৰা হৈছে প্লাজমা। প্লাজমা দান দিয়া লোকসকলক উৎসাহী কৰিবলৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়েও লৈছে বিশেষ পদক্ষেপ ।

শেহতীয়াকৈ গুৱাহাটীৰ দৰে সমহাৰত যোৰহাটত বৃদ্ধি পাবলৈ ধৰিছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্যৰ অৱনতি ঘটা লোকসকলৰ ক্ষেত্ৰত বিশেষ ভাবে ফলপ্ৰসূ হব পাৰে প্লাজমা থেৰাপী। যোৰহাটত প্লাজমা দান কৰিবলৈ আগ্ৰহী লোকসকলক উৎসাহিত কৰিবৰ বাবে যোৰহাটৰ বিশিষ্ট উদ্যোগপতি মাখন গট্টানিয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। যোৰহাটত প্লাজমা দান কৰা প্ৰথম দুশগৰাকী লোকক বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে উপহাৰ হিচাপে প্ৰদান কৰিব সাত হাজাৰকৈ টকা।

" কোৰোণাত আক্ৰান্ত হৈ সুস্থ হৈ উঠা এজন লোকৰ প্লাজমাৰ পৰা দুজন ৰোগীৰ চিকিৎসা কৰিব পাৰি। প্লাজমা দান কৰিবলৈ যোৰহাটৰ লোকসকলক উৎসাহ যোগাবলৈ মই এই প্ৰচেষ্টা হাতত লৈছো। যোৰহাটত প্লাজমা দান কৰা প্ৰথম দুশ গৰাকী লোকক প্ৰতিজনলৈকে মই সাত হাজাৰ টকাকৈ উপহাৰ হিচাপে আগবঢ়াম। ইতিমধ্যে এই সন্দৰ্ভত মই যোৰহাট জিলা প্ৰশাসনক অৱগত কৰিছো।"- মাখন গট্টানিয়ে নিউজ18ক এনেদৰে কয় ।

ইয়াৰ পূৰ্বেও যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত থকা মাতৃ আৰু শিশুৰ বিশেষ চিকিৎসালয়খনৰ বাহিৰত ৰোগীৰ আত্মীয়সকলে জিৰণী লবলৈ তথা থাকিবৰ বাবে এটা ভৱন নিৰ্মাণ কৰি দিছিল মাখন গট্টানিয়ে। সেই ভৱনটোৱে উপকৃত কৰি আহিছে চিকিৎসালয়খনলৈ দূৰ দুৰনীৰ পৰা অহা ৰোগীৰ আত্মীয়সকলক।
Published by: Himangshu Bhuyan
First published: July 25, 2020, 7:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি