মুখ্যপৃষ্ঠা »খবৰ »অসম »অৱশেষত জেললৈ যোৰহাটৰ বিতৰ্কিত ব্যৱসায়ী অংকুৰ গুপ্তা, সাংবাদিকৰ মোবাইল কাঢ়ি নিয়াৰ অভিযোগ ...

অৱশেষত জেললৈ যোৰহাটৰ বিতৰ্কিত ব্যৱসায়ী অংকুৰ গুপ্তা, সাংবাদিকৰ মোবাইল কাঢ়ি নিয়াৰ অভিযোগ ...

অংকুৰ গুপ্তাই দুগৰাকী সংবাদকৰ্মীৰ মোবাইল ফোন কাঢ়ি অভব্য আচৰণ কৰাৰ লগতে এগৰাকী মহিলা সাংবাদিকক গতা মাৰি পেলাই দিয়াৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ব লগা হয় ।

  • Share this:
অৱশেষত জেললৈ যাব লগা হ'ল যোৰহাটৰ এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা ব্যৱসায়ী । যোৰহাটত প্ৰায়ে চৰ্চাত থকা এই লোকজন হ'ল অংকুৰ গুপ্তা । প্ৰায়ে বিতৰ্কই লগ নেৰা যোৰহাট নগৰৰ এই ব্যৱসায়ীগৰাকী এইবাৰ ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল ।

অংকুৰ গুপ্তাই দুগৰাকী সংবাদকৰ্মীৰ মোবাইল ফোন কাঢ়ি অভব্য আচৰণ কৰাৰ লগতে এগৰাকী মহিলা সাংবাদিকক গতা মাৰি পেলাই দিয়াৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ব লগা হয় ।

বিজেপিৰ জ্যেষ্ঠ নেতা বুলি পৰিচয় দি অহা যোৰহাটৰ অংকুৰ গুপ্তা নামৰ ব্যৱসায়ীজন বৃহস্পতিবাৰে নিশা তেওঁৰ অভব্য আচৰণৰ বাবে যোৰহাট থানাৰ আলহী হ'ব লগা হয় । যোৰহাট নগৰত প্ৰায়ে চৰ্চাত থকা অংকুৰ গুপ্তাই এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় দুগৰাকী সংবাদকৰ্মীক ।  আগন্তুক দেৱালীৰ প্ৰস্তুতিৰ ওপৰত এটি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নগৰৰ কচুৰি গলি অঞ্চললৈ গৈছিল সাংবাদিক দুগৰাকী । সেই সময়তে অংকুৰ গুপ্তা নামৰ ব্যৱসায়ীজন আহি বলপূৰ্বক ভাবে তেওঁলোকৰ মোবাইল ফোন দুটা কাঢ়ি লৈ যায় । মোবাইল ফোন দুটা বিচাৰি যাওতে ব্যৱসায়ীজন বাক-বিতণ্ডাত লিপ্ত হয় । অভিযোগ মতে অংকুৰ গুপ্তাই মহিলা সাংবাদিকগৰাকীক গতা মাৰি দিয়াত পথত পৰি যায় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিছত চিকিৎসালয়লৈ যোৱাত তেওঁৰ হাতৰ হাড় ফাটি যোৱাৰ কথা পোহৰলৈ আহে ।

এই ঘটনাৰ পিছত অভিযোগ উঠা অনুসৰি অংকুৰ গুপ্তা নামৰ ব্যৱসায়ীজনে তেওঁৰ দোকানত বৃহৎ পৰিমাণৰ ফটকা বিক্ৰীৰ বাবে মজুদ কৰি ৰাখিছিল । আৰু সেই দৃশ্য বন্দী কৰিবলৈ যোৱা বুলি ভাবিয়েই সংবাদকৰ্মী দুগৰাকীৰ পৰা মোবাইল ফোন কাঢ়ি লৈ যায় অংকুৰ গুপ্তাই । অৱশ্যে সেই সময়ত বহু লোক গোট খোৱাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত অংকুৰ গুপ্তাই মোবাইল দুটা ওভতাই দিয়ে ।  সাংবাদিককেইগৰাকীক চিনি নাপাই ভুল বুজাবুজিৰ ফলত এই অবাঞ্চিত ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে  অংকুৰ গুপ্তাই । আনহাতে বৃহস্পতিবাৰে দিনৰ ভাগত কোনো লোকে ব্যৱসায়ীজনক ধন দাবী কৰা বুলিও জানিবলৈ দিছে ।

এই ঘটনাই যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিয়াত আৰক্ষীয়ে অংকুৰ গুপ্তাক গ্ৰেপ্তাৰ কৰে । কিন্তু অংকুৰ গুপ্তাক জেললৈ প্ৰেৰণ কৰিবলৈ বহুকেইটা দল , সংগঠনৰ লগতে বিভিন্ন লোকে দাবী জনায় । শুকুৰবাৰ আৰু শনিবাৰৰ দিনটো অংকুৰ গুপ্তাক লৈয়ে যোৰহাট নগৰৰ পৰিৱেশ গৰম হৈ থাকে আৰু অৱশেষত আৰক্ষীয়ে শনিবাৰে বিয়লি অঙ্কুৰ গুপ্তাক জেললৈ প্ৰেৰণ কৰে ।

উল্লেখ্য অংকুৰ গুপ্তাই নগৰখনত বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা বুলি পৰিচিত যদিও বৃহস্পতিবাৰে নিশাৰে পৰা যোৰহাট থানাত থকা অংকুৰ গুপ্তাক লগ কৰিবলৈ যোৰহাট থানালৈ এগৰাকী বিজেপি নেতা-কৰ্মীক অহা দেখিবলৈ পোৱা নগ'ল ।

শেহতীয়া বাতৰি