যোৰহাট নগৰৰ বেৰিয়া বিল্ডিঙৰ গৰাকী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱালক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে।
যোৰহাট নগৰৰ বেৰিয়া বিল্ডিঙৰ গৰাকী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱালক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে।
যোৰহাট নগৰৰ বেৰিয়া বিল্ডিঙৰ গৰাকী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱালক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। বিল্ডঙটোত থকা এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ গোচৰত যোৰহাট আৰক্ষীয়ে সৰভোগৰ পৰা গ্ৰেপ্তাৰ কৰিছে ঘনশ্যামক।
যোৰহাট নগৰৰ বহু চৰ্চিত বেৰিয়া বিল্ডিঙৰ গৰাকী হৈছে ঘনশ্যাম তছনিৱাল । এই কেইবামহলীয়া ভৱনটোত কেইবাশ লোক ভাড়াতীয়া হিচাপে থাকে। যোৱা ১৭ ফেব্ৰুৱাৰীত ঘনশ্যাম তছনিৱালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি এগৰাকী মহিলাই দাখিল কৰিছিল এজাহাৰ । ১৮ ফেব্ৰুৱাৰীত যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পিছৰে পৰা পলাতক হৈ আছিল ব্যৱসায়ীগৰাকী। ঘনশ্যামৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান। অৱশেষত বিশেষ সূত্ৰৰ পম খেদি ২৬ ফেব্ৰুৱাৰীত আৰক্ষীয়ে গুৱাহাটীৰ পাণ্ডুত ধৰা পেলাইছিল ঘনশ্যামৰ অৱস্থিতি। লগে লগে ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ কৰি যোৰহাট আৰক্ষীয়ে সৰভোগৰ পৰা ঘনশ্যাম তছনিৱালক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য , অভিযোগকাৰী যুৱতীগৰাকীয়ে আৰক্ষীক জমা দিছে কিছু ভিডিও। ঘনশ্যাম টছনিৱালৰ অপকৰ্মৰ প্ৰমাণ হিচাপে যুৱতীগৰাকীয়ে আৰক্ষীক দিছে এই ভিডিও। সেই ভিডিও ফুটেজতে ধৰ্ষণকাণ্ডৰ বহু তথ্য লুকাই আছে বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীক অৱগত কৰিছে।
কিন্তু এই ভিডিও কোনে আৰু কিয় সংগ্ৰহ কৰিছিল সেই সন্দৰ্ভত তদন্তৰ পিছতহে স্পষ্ট হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আনহাতে আৰক্ষীয়ে ঘটনাস্থলী বেৰীয়া বিল্ডিঙৰ আৱাসীসকলকো সোধাপোচা কৰিব বুলি জানিবলৈ দিছে। ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰা ভিডিও ফুটেজসমূহ ফৰেনছিক পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছতহে বহু কথা স্পষ্ট হ'ব বুলি জানিবলৈ দিয়ে যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। সেই দৃশ্য কোনে কেনেকৈ কেমেৰাত বন্দী কৰিলে সেই সম্পৰ্কেও তদন্ত কৰিব আৰক্ষীয়ে ।
ধৰ্ষণৰ অভিযোগত প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱাল গ্ৰেপ্তাৰ হোৱা ঘটনা এতিয়া মুখে মুখে চৰ্চিত হৈছে যোৰহাটৰ ব্যৱসায়ীক মহলত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|