உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটত ATMৰ ওপৰত পৰি আছিল নগদ একলাখ টকা, এজন যুৱকে পাই কৰিলে এই কাম! বুটলিছে প্ৰশংসা

    যোৰহাটত ATMৰ ওপৰত পৰি আছিল নগদ একলাখ টকা, এজন যুৱকে পাই কৰিলে এই কাম! বুটলিছে প্ৰশংসা

    ৰাজু নামৰ এই সাধাৰণ যুৱকজনৰ সততাৰ কথা পোহৰলৈ অহাৰ পিছত সকলোৱে একমুখে প্ৰশংসা কৰিছে যুৱকজনক।

    ৰাজু নামৰ এই সাধাৰণ যুৱকজনৰ সততাৰ কথা পোহৰলৈ অহাৰ পিছত সকলোৱে একমুখে প্ৰশংসা কৰিছে যুৱকজনক।

    ৰাজু নামৰ এই সাধাৰণ যুৱকজনৰ সততাৰ কথা পোহৰলৈ অহাৰ পিছত সকলোৱে একমুখে প্ৰশংসা কৰিছে যুৱকজনক।

    • Share this:
    ধৰি লওক আপুনি এটা এটিএমলৈ সোমাই গৈছে টকা উলিয়াবলৈ আৰু দেখিছে যে এটিএমটোৰ ওপৰত পৰি আছে একলাখ টকা। তেনে অৱস্থাত আপুনি কি কৰিব! যোৰহাটত এজন যুৱক সন্মুখীন হ’ল তেনে এক পৰিস্থিতিৰ। আৰু তাৰ পিছত যুৱকজনে কৰা কাৰ্যৰে বৰ্তমান চৰ্চিত হৈ পৰিছে যুৱকজন।

    যোৰহাট নগৰৰ কবৰস্তান ৰোডৰ মহম্মদ ৰাজু নামৰ যুৱকজন যোৰহাট নগৰস্থিত ষ্টেট বেংক অব ইণ্ডিয়াৰ মুখ্য শাখাৰ এটিএমলৈ গৈছিল কিছু টকা জমা কৰিবলৈ। কিন্তু এটিএমত সোমাই ৰাজু হতভম্ব হৈ পৰিছিল। কাৰণ এটিএমটোৰ ওপৰত কাগজেৰে মেৰিওৱা অৱস্থাত পৰি আছিল নগদ একলাখ টকা। গৰাকীবিহীনভাৱে পৰি থকা টকাখিনি দেখি হতভম্ব হৈ পৰিছিল ৰাজু। কিংকৰ্তব্যবিমূঢ় হৈ পৰা ৰাজুৱে তাৎক্ষণিকভাৱে যোগাযোগ কৰে যোৰহাট সদৰ থানাৰ আৰক্ষীৰ সৈতে। আৰু তাৰ পিছতে টকাখিনি প্ৰকৃত গৰাকীক গতাই দিবৰ বাবে আৰক্ষীৰ হাতত অৰ্পণ কৰে।

    "মই ঘৰলৈ কিছু টকা পঠাবৰ বাবে এটিএমলৈ আহোতে এই টকাখিনি পৰি থকা দেখা পাওঁ। কোনো লোকে টকাখিনি পাহৰি এৰি থৈ যোৱা বুলি মোৰ সন্দেহ হয়। আৰু প্ৰকৃত গৰাকীয়ে যাতে টকাখিনি লাভ কৰে সেইবাবে মই লগেলগে আৰক্ষীৰ সৈতে যোগাযোগ কৰো।", ৰাজুৱে এনেদৰে কয়।

    কিন্তু এই একলাখ টকা কেনেকৈ পৰি ৰৈছিল যোৰহাট নগৰৰ এই এটিএমটোৰ ভিতৰত! আৰক্ষীৰ পৰা জানিব পৰা মতে, দৰাচলতে এটা গাড়ী ডিলাৰৰ হৈ কাম কৰা এগৰাকী যুৱকে সংগ্ৰহ কৰি অনা এই টকাখিনি এটিএমটোত ডিপজিট কৰিবলৈ আহিছিল। কিন্তু সেই সময়তে এটা ফোনকল অহাত অন্যমনস্ক হৈ কথা পতাত ব্যস্ত হৈ পৰা যুৱকজনে টকাখিনি এটিএমৰ ওপৰতে থৈ ওলাই যায় এটিএমৰ পৰা। কিন্তু এই টকাখিনিৰ ওপৰত কোনো লোকৰ দৃষ্টি পৰাৰ পূৰ্বেই এটিএমটোলৈ আহে মহম্মদ ৰাজু নামৰ যুৱকজন। ইতিমধ্যে টকাখিনি আৰক্ষীয়ে প্ৰকৃত গৰাকীক ঘূৰাই দিছে।

    কিন্তু ৰাজু নামৰ এই সাধাৰণ যুৱকজনৰ সততাৰ কথা পোহৰলৈ অহাৰ পিছত সকলোৱে একমুখে প্ৰশংসা কৰিছে যুৱকজনক। যোৰহাটৰ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে সমাজত ভাল মানুহ এতিয়াও বহুত আছে। আনহাতে ৰাজুৱে News18ৰ সন্মুখত পুনৰ কয় যে গৰাকীবিহীন কিবা বস্তু পালে তাৰ প্ৰতি লোভ নকৰি সেয়া যাতে প্ৰকৃত গৰাকীয়ে লাভ কৰে তাৰ ব্যৱস্থাহে হাতত লব লাগে।
    Published by:Sanjay Kumar Das
    First published: