কোভিডৰ মাজতে পিতৃ-মাতৃহীন হৈ পৰিছে একাংশ সন্তান, জীয়াই থকাৰ বাবে যোৰহাটৰ কণমানি ৰক্তিমক প্ৰয়োজন কিছু সহায়ৰ

News18 Assam | News18-Assam
Updated:June 8, 2021, 9:24 AM IST
কোভিডৰ মাজতে পিতৃ-মাতৃহীন হৈ পৰিছে একাংশ সন্তান, জীয়াই থকাৰ বাবে যোৰহাটৰ কণমানি ৰক্তিমক প্ৰয়োজন কিছু সহায়ৰ
পিতৃ জয়ন্ত ভূঞাৰ মৃত্যুৰ পিছতে নিথৰুৱা হৈ পৰে কণমানি ৰক্তিম।

পিতৃ জয়ন্ত ভূঞাৰ মৃত্যুৰ পিছতে নিথৰুৱা হৈ পৰে কণমানি ৰক্তিম।

  • Share this:
কোভিড–১৯ পৰিস্থিতিয়ে কাল অমানিশা নমাই আনিছে বহুতৰে পৰিয়াললৈ। কোভিডৰ মাজতে নিজ পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছে বহু শিশু, কিশোৰ। কিছুদিন পূৰ্বে যোৰহাট ৰংদৈ অঞ্চলৰ তিনিটা সন্তানে অগা–পিছাকৈ পিতৃ-মাতৃক হেৰুৱাই সন্মুখীন হৈছিল ভয়ংকৰ বিপদৰ। কিন্তু আছু , একাংশ হৃদয়বান লোকৰ সহায় তথা চৰকাৰে নতুনকৈ গ্ৰহণ কৰা আঁচনিয়ে সকাহ দিয়ে পিতৃ-মাতৃহীন সন্তানকেইটাক। কিন্তু অব্যাহত আছে কোভিডৰ সংহাৰমূৰ্তি। কোভিডে পুনৰ মাউৰা কৰিলে যোৰহাটৰ এটি কণমানি শিশুক। পিতৃৰ সৈতে বাস কৰা কণমানি ৰক্তিমৰ পিতৃৰ হঠাৎ মৃত্যু হোৱাত বৰ্তমান অতিকৈ অসহায় হৈ পৰিছে ১২ বছৰ বয়সৰ শিশুটি।

যোৰহাট বাহনা ভূঞাচুকৰ ৰক্তিম ভূঞা নামৰ কণমানি শিশুটিৰ পিতৃৰ উচ্চ ৰক্তচাপজনিত ৰোগত দেওবাৰে মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ কোভিড পজিটিভ পোৱা যায়। পিতৃ জয়ন্ত ভূঞাৰ মৃত্যুৰ পিছতে নিথৰুৱা হৈ পৰে কণমানি ৰক্তিম। মাক নথকা শিশুটি পিতৃৰ সৈতে এটা সৰু ঘৰত বসবাস কৰি আছিল। পিতৃয়ে এটা কাঠফলা মিলত কাম কৰি একমাত্ৰ সন্তানৰ সৈতে পৰিয়াল চলাইছিল। বৰ্তমান পিতৃ-মাতৃহীন কণমানি ৰক্তিমে সমীপৰ খুড়াকৰ ঘৰত আশ্ৰয় লৈ আছে। খুড়াক ললিত ভূঞায়ো হাজিৰা কৰি পৰিয়াল চলায়। অষ্টম শ্ৰেণীত অধ্যয়নৰত ৰক্তিমক বৰ্তমান প্ৰয়োজন কিছু সহায়ৰ। বিদ্যালয়ত পঢ়া-শুনা কৰি এটা সুস্থিৰ জীৱন গঢ়িবলৈ হাবিয়াহ থকা কণমানি শিশুটিয়ে সেয়েহে চৰকাৰৰ পৰা বিচাৰিছে কিছু সহায়।

কণমানি ৰক্তিমৰ অসহায় অৱস্থাৰ বিষয়ে জানিব পাৰি শিশুটিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে যোৰহাট জিলা ছাত্র সন্থা। আছু আৰু অভিজ্ঞান একাডেমিয়ে যৌথভাৱে ৰক্তিমৰ স্নাতক শ্ৰেণী পৰ্যন্ত শিক্ষাৰ সকলো ব্যয়ৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি যোৰহাট জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জানিবলৈ দিছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাত চৰকাৰে শেহতীয়াকৈ এনে সন্তানসকলৰ সহায়ৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনিৰ জৰিয়তেও শিশুটিয়ে সহায় লাভ কৰিব বুলি অসহায় পৰিয়ালটোৱে আশা ব্যক্ত কৰিছে।
Published by: Sanjay Kumar Das
First published: June 8, 2021, 9:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি