• Home
  • »
  • News
  • »
  • assam
  • »
  • ফেচবুকত তিনিটা শব্দৰ এটা কমেন্ট লিখি দুমাহ ধৰি কাৰাগাৰত দিন পাৰ কৰিছে যোৰহাটৰ নৱজ্যোতিয়ে, কেতিয়া মুক্তি পাব নৱজ্যোতিয়ে?

ফেচবুকত তিনিটা শব্দৰ এটা কমেন্ট লিখি দুমাহ ধৰি কাৰাগাৰত দিন পাৰ কৰিছে যোৰহাটৰ নৱজ্যোতিয়ে, কেতিয়া মুক্তি পাব নৱজ্যোতিয়ে?

যোৰহাটৰ খুটিয়াপোটাৰ নৱজ্যোতি দাস তেনে এজন যুৱক। ফেচবুকত প্ৰকাশিত আলফা (স্বা) সংক্ৰান্তীয় এটা নিউজৰ তলত ‘ময়ো যোগদান কৰিম’ বুলি লিখাৰ বাবেই নৱজ্যোতিক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল যোৱা মে' মাহতে।

  • Share this:
সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পিছত বৰ্ষাশ্ৰীয়ে জামিন লাভ কৰি জে’লৰ পৰা মুকলি আকাশৰ তললৈ আহিল। কিন্তু ফেচবুকত একোটা কমেন্ট লিখি বৰ্তমানো জে’লত থাকিব লগা হৈছে একাংশ যুৱক।

যোৰহাটৰ খুটিয়াপোটাৰ নৱজ্যোতি দাস তেনে এজন যুৱক। ফেচবুকত প্ৰকাশিত আলফা (স্বা) সংক্ৰান্তীয় এটা নিউজৰ তলত ‘ময়ো যোগদান কৰিম’ বুলি লিখাৰ বাবেই নৱজ্যোতিক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল যোৱা মে' মাহতে। কিন্তু এই সন্দৰ্ভত নতুনকৈ কোনো গোচৰ ৰুজু নকৰি নৱজ্যোতিক আৰক্ষীয়ে 2019 চনতে ৰুজু হৈ থকা আলফা (স্বা) সংক্ৰান্তীয় এটা পৃথক গোচৰতহে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। যোৰহাট আৰক্ষীৰ এই কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত।

নৱজ্যোতিৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে আহি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বাহিৰত উচিত ন্যায়ৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছিল। কিন্তু গা লৰা নাছিল আৰক্ষীৰ। অসম আৰক্ষীত যোগদান কৰিবলৈ ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰখা নৱজ্যোতি যোৰহাট আৰক্ষীৰ মতে এগৰাকী দুৰ্ধৰ্ষ আলফা (স্বা)ৰ সদস্য। আৰু সেয়েহে বিগত প্ৰায় দুমাহ ধৰি জে’লত দিন কটাইছে এটি নিঃকিন পৰিয়ালৰ সদস্য নৱজ্যোতিয়ে।

শেহতীয়াকৈ যোৰহাটৰ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। যোৰহাট আৰক্ষীৰ এনে কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰি শীঘ্ৰে আৰক্ষী সঞ্চালকপ্ৰধানক এই সন্দৰ্ভত সঠিক তদন্ত কৰি ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে দেৱব্ৰত শইকীয়াই।

"মই দেৰগাঁও সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীকো নৱজ্যোতিৰ গাঁৱলৈ গৈ সমগ্ৰ বিষয়টো অনুসন্ধান কৰি প্ৰকৃত কথাটো চৰকাৰক জনাবৰ বাবে ক'ম।", বিৰোধী দলপতিগৰাকীয়ে এনেদৰে কয়।

আনহাতে, নৱজ্যোতিৰ জামিনৰ বাবে আবেদন কৰিবলৈ আহি কোনো উৱাদিহ নেপাই বিমোৰত পৰা পৰিয়ালটোয়ে নৱজ্যোতিৰ মুক্তিৰ বাবে কাতৰ আহ্বান জনাইছে চৰকাৰক। নৱজ্যোতিৰ মাতৃ আৰু ভাতৃয়ে নৱজ্যোতিয়ে যে নিষিদ্ধ সংগঠনত যোগদান নকৰে সেয়া নিশ্চিত কৰি প্ৰতিশ্ৰুতি দিয়াৰ কথা অৱগত কৰি আৰক্ষী আৰু চৰকাৰলৈ নৱজ্যোতিক মুক্তি দিয়াৰ বাবে কাতৰ আহ্বান জনাইছে। এই সন্দৰ্ভত চৰকাৰ তথা আৰক্ষীয়ে এতিয়া কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।
Published by:Sanjay Kumar Das
First published: