হাল বাবলৈ নাই গৰু, ক্ৰয় কৰিবলৈও অসমৰ্থ, যোৰহাটৰ যুৱকে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে মাটি চহোৱা যন্ত্ৰ

News18 Assam | News18-Assam
Updated:July 10, 2020, 6:23 PM IST
হাল বাবলৈ নাই গৰু, ক্ৰয় কৰিবলৈও অসমৰ্থ, যোৰহাটৰ যুৱকে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে মাটি চহোৱা যন্ত্ৰ
পেলনীয়া সামগ্ৰীয়ে ল’ক ডাউনৰ সময়ছোৱাত যোৰহাটৰ যুৱকজনে সাজি উলিয়ালে মাটি চহোৱা যন্ত্ৰ।

পেলনীয়া সামগ্ৰীয়ে ল’ক ডাউনৰ সময়ছোৱাত যোৰহাটৰ যুৱকজনে সাজি উলিয়ালে মাটি চহোৱা যন্ত্ৰ।

  • Share this:
যোৰহাটৰ এজন যুৱকে আৱিষ্কাৰ কৰিলে এবিধ বিশেষ যন্ত্ৰ। পেলনীয়া সামগ্ৰীয়ে ল’ক ডাউনৰ সময়ছোৱাত যোৰহাটৰ যুৱকজনে সাজি উলিয়ালে মাটি চহোৱা যন্ত্ৰ। পূূূূৱ যোৰহাটৰ মেলেং গায়ন গাঁৱৰ দেৱজিত দত্ত নামৰ এজন যুৱকে পেলনীয়া সামগ্ৰীৰে পাৱাৰ টিলাৰ সদৃশ এটা মাটি চহোৱা যন্ত্ৰ সাজি উলিয়াই দাঙি ধৰিলে সৃষ্টিশীলতাৰ নিদৰ্শন।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দেৱজিতে এই সন্দৰ্ভত কয় যে, ‘আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে মই এহাল হালৰ গৰু ক্ৰয় কৰিবলৈ অসমৰ্থ।বৰ্তমান এহাল বলধ কিনিবলৈ প্ৰায় পঞ্চাশ হাজাৰ টকাৰ প্ৰয়োজন হয়। কিন্তু সিমান টকা পাও ক'ত? সেয়ে ভঙা-ছিগা সামগ্ৰীৰ গুদামৰ পৰা এটি পুৰণি স্কুটাৰৰ ইঞ্জিন, মটৰ চাইকেলৰ চকা আদি বিচাৰি এই যন্ত্ৰটো নিৰ্মাণ কৰিলো। মই সফল হ'লো।’

উল্লেখযোগ্য যে, দৈনিক দুবিঘা পৰ্যন্ত মাটি চহাব পাৰি এই যন্ত্ৰটোৰ সহায়ত। এবিঘা মাটি চহাওতে প্ৰয়োজন হয় মাত্ৰ ৭০০ গ্ৰাম পেট্ৰ’লৰ।
Published by: Himangshu Bhuyan
First published: July 10, 2020, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি