ICSE বৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৮.৬ শতাংশ নম্বৰ লাভ কৰি উজ্জ্বলিল যোৰহাটৰ ইৰফান

News18 Assam | News18-Assam
Updated:July 12, 2020, 10:41 PM IST
ICSE বৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৮.৬ শতাংশ নম্বৰ লাভ কৰি উজ্জ্বলিল যোৰহাটৰ ইৰফান
সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ ICSE বৰ্ডৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত যোৰহাটৰ ছাত্র ইৰফান ফাৰহাদে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে

সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ ICSE বৰ্ডৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত যোৰহাটৰ ছাত্র ইৰফান ফাৰহাদে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে

  • Share this:
সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ ICSE বৰ্ডৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত যোৰহাটৰ ছাত্র ইৰফান ফাৰহাদে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ ‘সংস্কৃতি দ্যা গুৰুকুল’ স্কুলৰ ছাত্ৰ ইৰফানে ৯৮.৬ শতাংশ নম্বৰ লাভ কৰিছে । অষ্টম শ্ৰেণীলৈকে ইৰফানে অধ্যয়ন কৰিছিল যোৰহাটৰ কাৰ্মেল স্কুলত। ইৰফানে হিন্দী , বুৰঞ্জী-সমাজ বিজ্ঞান, ভূগোল আৰু কম্পিউটাৰ এপ্লিকেশ্যনত ১০০ নম্বৰ লাভ কৰাৰ লগতে বাকী বিষয়সমূহ ক্ৰমে গণিতত৯৮ শতাংশ , বিজ্ঞানত ৯৭ শতাংশ আৰু ইংৰাজীত ৯৫ শতাংশ নম্বৰ লাভ কৰিছে ।

ইৰফানৰ পিতৃ চাবিৰুজ আহমেদ শ্লামবাৰ্জাৰ কোম্পানীৰ এগৰাকী অভিযন্তা। পিতৃ চাকৰি সূত্ৰে ব্যস্ত থাকিব লগা হোৱাৰ বাবে ইৰফানৰ পঢ়াশুনাৰ তদাৰক কৰিছিল মাতৃ আনোৱাৰা বেগমে। দৈনিক ৪-৮ ঘন্টাকৈ অধ্যয়ন কৰা ইৰফানে বিষয়সমূহৰ নিয়মীয়াকৈ অনুশীলন কৰিছিল।
Published by: Himangshu Bhuyan
First published: July 12, 2020, 10:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি