
হত্যাকাণ্ডৰ সৈতে জড়িত ১৪জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ ভিতৰত আছে ক’লা ল’ৰাৰ পিতৃ তথা এই ঘটনাৰ সূত্ৰপাত ঘটোৱা মোহন চন্দ্ৰ দাসো।
হত্যাকাণ্ডৰ সৈতে জড়িত ১৪জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ ভিতৰত আছে ক’লা ল’ৰাৰ পিতৃ তথা এই ঘটনাৰ সূত্ৰপাত ঘটোৱা মোহন চন্দ্ৰ দাসো।
দেশ জোঁকাৰি যোৱা যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। আৰক্ষীৰ গাড়ীৰ খুন্দাত হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যু হোৱাৰ পিছত বাকী অভিযুক্তসকলৰ ক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত ১৪জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ ভিতৰত আছে ক’লা ল’ৰাৰ পিতৃ তথা এই ঘটনাৰ সূত্ৰপাত ঘটোৱা মোহন চন্দ্ৰ দাসো। শেহতীয়াকৈ ক’লা ল’ৰাৰ পিতৃ মোহন দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। মোহন দাসৰ লগতে চিৰঞ্জিত দাস নামৰ আন এজন অভিযুক্তকো প্ৰেৰণ কৰা হৈছে জে’ললৈ।
উল্লেখযোগ্য যে ৭ অভিযুক্তক ৫ দিনৰ বাবে জিম্মাত লৈছিল যোৰহাট আৰক্ষীয়ে। ইয়াৰে দুজনক জে’ললৈ প্ৰেৰণ কৰাৰ পিছত বাকী ৫জনক পুনৰ ৭ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|