এইবাৰ থানাত আৰক্ষীয়ে পাতিলে গৰুবিহু! ক'ত কেনেদৰে আৰক্ষীয়ে উদযাপন কৰিলে গৰু বিহু?

News18 Assam | News18-Assam
Updated:April 14, 2021, 11:15 PM IST
এইবাৰ থানাত আৰক্ষীয়ে পাতিলে গৰুবিহু! ক'ত কেনেদৰে আৰক্ষীয়ে উদযাপন কৰিলে গৰু বিহু?
যোৰহাটৰ এখন আৰক্ষী থানাত উলহ-মালহেৰে পালন কৰা হ'ল গৰু বিহু ।

যোৰহাটৰ এখন আৰক্ষী থানাত উলহ-মালহেৰে পালন কৰা হ'ল গৰু বিহু ।

  • Share this:
যোৰহাটৰ এখন আৰক্ষী থানাত উলহ-মালহেৰে পালন কৰা হ'ল গৰু বিহু । বহুকেইটা গৰুক ধুৱাই গৰুবিহু উদযাপন কৰিলে আৰক্ষীৰ লোকসকলে । শুনিবলৈ আচৰিত যেন লাগিলেও যোৰহাটৰ পুলিবৰ আৰক্ষী থানাত এইবাৰ ব্যতিক্ৰমী ৰূপত পালন কৰা হল গৰু বিহু । কিন্তু আপুনি ভবাৰ দৰে থানাখনত আকৌ নাই পোহনীয়া গৰু ।

দৰাচলতে কেইদিনমান পূৰ্বে পুলিবৰ আৰক্ষীয়ে চাৰিখন বলেৰ' পিকআপ ভানত অবৈধ ভাৱে কঢ়িয়াই অনা ২৭ টা গৰু জব্দ কৰিছিল । জব্দ কৰা দিনাৰে পৰা এই গৰুখিনি ৰখা হৈছিল থানা চৌহদতে । গৰুখিনি থানাতে আৰক্ষীৰ লোকসকলে ভৰণপোষণ দি ৰখাৰ সময়তে পালেহি বাপতি সাহোন ৰঙালী বিহু । গতিকে গৰুবিহুৰ দিনটোত পৰম্পৰা ৰক্ষা কৰি থানা চৌহদতে এই গৰুখিনিক ধুৱাই গৰুবিহু উদযাপন কৰে আৰক্ষীৰ লোকসকলে । ঘৰৰ পৰা নিলগত থাকি থানাতে এনেদৰে গৰুবিহু উদযাপন কৰিবলৈ পাই সুখী আৰক্ষীৰ লোকসকল ।

" এই গৰুবোৰ গৰাকীৰ ঘৰত থকা হেতেন নিশ্চয় আজি গৰুবিহু উদযাপন কৰিলহেতেন । গতিকে আমি থানা চৌহদৰ ভিতৰতে এই গৰুখিনিক লৈ সীমাবদ্ধতাৰ মাজত হ'লেও পৰম্পৰা ৰক্ষা কৰি গৰুবিহু উদযাপন কৰিলো আৰু ইয়াৰ বাবে আমাৰ আৰক্ষীৰ লোকসকলো সুখী । ", নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই এনেদৰে কয় ।
Published by: Kokil Sarma
First published: April 14, 2021, 11:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি