• Home
  • »
  • News
  • »
  • assam
  • »
  • ক'ভিড পৰিস্থিতিৰ বাবে বিহু সন্মিলন পাতিবলৈ লোৱা ধনেৰে ক্ৰয় কৰিলে এম্বুলেন্স!

ক'ভিড পৰিস্থিতিৰ বাবে বিহু সন্মিলন পাতিবলৈ লোৱা ধনেৰে ক্ৰয় কৰিলে এম্বুলেন্স!

ক'ভিড পৰিস্থিতিৰ বাবে বিহুৰ অনুষ্ঠান বাতিল কৰি যোৰহাটৰ এখন বিহু সন্মিলনখনৰ উদ্যোক্তাসকলে সমাজৰ বাবে ক্ৰয় কৰিছে এখন এম্বুলেন্স ।

ক'ভিড পৰিস্থিতিৰ বাবে বিহুৰ অনুষ্ঠান বাতিল কৰি যোৰহাটৰ এখন বিহু সন্মিলনখনৰ উদ্যোক্তাসকলে সমাজৰ বাবে ক্ৰয় কৰিছে এখন এম্বুলেন্স ।

ক'ভিড পৰিস্থিতিৰ বাবে বিহুৰ অনুষ্ঠান বাতিল কৰি যোৰহাটৰ এখন বিহু সন্মিলনখনৰ উদ্যোক্তাসকলে সমাজৰ বাবে ক্ৰয় কৰিছে এখন এম্বুলেন্স ।

  • Share this:
ক'ভিড সংক্ৰমণে ব্যাপক ৰূপ ধাৰণ কৰাৰ সময়ত অসমৰ একাংশ ঠাইত নিশা উদযাপন কৰা হৈছিল বিহুৰ সাংস্কৃতিক অনুষ্ঠান । কিন্তু তাৰ মাজতে যোৰহাটৰ এখন বিহু সন্মিলনৰ সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ । ক'ভিড পৰিস্থিতিৰ বাবে বিহুৰ অনুষ্ঠান বাতিল কৰি যোৰহাটৰ এই বিহু সন্মিলনখনৰ উদ্যোক্তাসকলে সমাজৰ বাবে ক্ৰয় কৰিছে এখন এম্বুলেন্স ।

ক'ভিড পৰিস্থিতিৰ মাজতে এই অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰে যোৰহাটৰ ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ ১৯৯২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰিবলৈ লোৱা বিহু সমিতিখনে । ক'ভিডৰ দ্বিতীয়টো ঢৌৰ বাবে বিহুৰ অনুষ্ঠান বাতিল কৰি যোৰহাটৰ এই বিহু সন্মিলনখনৰ উদ্যোক্তাসকলে সমাজৰ বাবে ক্ৰয় কৰিলে এখন এম্বুলেন্স । যোৰহাটৰ ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ ১৯৯২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেৰে গঠিত  "সঙ্গীবৃন্দ ১৯৯২" নামেৰে এটি গোট আছে । এই গোটটোৰ উদ্যোগত এইবাৰ আয়োজন কৰা হৈছিল বিহু সন্মিলনৰ । ইয়াৰ বাবে গোটটোৰ সদস্যসকলৰ মাজতে বৰঙণি তোলা হৈছিল । ইয়াত আছিল সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ পৰা আৰম্ভ কৰি ডুবাই , আমেৰিকা , ছিঙ্গাপুৰত থকা কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ । কিন্তু ক'ভিডৰ শেহতীয়া পৰিস্থিতিৰ বাবে বিহু সন্মিলনখনৰ উদ্যোক্তাসকলে বিহুৰ অনুষ্ঠান বাতিল কৰে । আৰু বিহুৰ বাবে গোটটোৰ সদস্যসকলৰ মাজতে তোলা ধনেৰে ৰাইজৰ বাবে ক্ৰয় কৰে এখন এম্বুলেন্স । এই ক্ষেত্ৰত বিশেষ ভাৱে সহায় আগবঢ়ায় গুৱাহাটীৰ উইন পাৱাৰ ইনফ্ৰা প্ৰা: লি: নামৰ প্ৰতিষ্ঠানটোৱে । বিহু পাতিব নোৱাৰিলেও  বিহুৰ বাবে তোলা ধনেৰে সমাজৰ বাবে এনে এক কাম কৰিবলৈ পাই অতিকৈ সন্তুষ্ট গোটটোৰ সদস্যসকল ।

" আজি আমি অতিকৈ সুখী । আমি ১৯৯২ বৰ্ষৰ বিদ্যালয়ৰ সতীৰ্থসকলে বিহু পাতিব বিচাৰিছিলো । কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে সেয়া বাতিল কৰা হ'ল আৰু বিহুৰ বাবে উঠোৱা ধনেৰে এই এম্বুলেন্সখন ক্ৰয় কৰা হ'ল । ২০১৬ চনত মাত্ৰ ছজন সদস্যৰে আৰম্ভ কৰা এই হোৱাটছ এপ গ্ৰুপটোত বৰ্তমান বহুসংখ্যক সদস্য আছে ।", সঙ্গীবৃন্দ ১৯৯২ গোটৰ সভাপতি দিব্যজ্যোতি লিখকে এনেদৰে কয় ।

বিদ্যালয়খনৰ ১৯৯২ চনৰ ছাত্ৰ হিচাবে এই অনুষ্ঠানৰ সৈতে জড়িত হবলৈ পাই সন্তুষ্টি ব্যক্ত কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাচাই । সাংসদগৰাকীৰ মতে এনেদৰে চৰকাৰী ভাৱে বহু সামগ্ৰী বিতৰণ কৰা হয় । কিন্তু ৰাইজৰ ধনেৰে গ্ৰহণ কৰা এনে পদক্ষেপসমূহৰ কথাই কিছু সুকীয়া আৰু ই সমাজৰ বাবে অনুকৰণীয় হৈ পৰে ।সচাকৈয়ে যোৰহাটৰ এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এই পদক্ষেপ বহুতৰে বাবে অনুকৰণীয় হৈ ৰ'ব ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি