Social Mediaত ভাইৰেল হোৱা এটা Videoক লৈ চলিছে সৰ্বত্ৰ চৰ্চা। ভিডিঅ'টো যোৰহাট বিগ বাজাৰৰ বুলি দাবী কৰা হৈছে। সমান্তৰালভাৱে Video টোত বিহু নৃত্য়ক বিকৃতভাৱে উপস্থাপন কৰা বুলিও একাংশ লোকে ফেচবুকত সমালোচনা কৰিছে।
Social Mediaত ভাইৰেল হোৱা এটা Videoক লৈ চলিছে সৰ্বত্ৰ চৰ্চা। ভিডিঅ'টো যোৰহাট বিগ বাজাৰৰ বুলি দাবী কৰা হৈছে। সমান্তৰালভাৱে Video টোত বিহু নৃত্য়ক বিকৃতভাৱে উপস্থাপন কৰা বুলিও একাংশ লোকে ফেচবুকত সমালোচনা কৰিছে।
Social Mediaত ভাইৰেল হোৱা এটা Videoক লৈ চলিছে সৰ্বত্ৰ চৰ্চা। ভিডিঅ'টো যোৰহাট বিগ বাজাৰৰ বুলি দাবী কৰা হৈছে। সমান্তৰালভাৱে Video টোত বিহু নৃত্য়ক বিকৃতভাৱে উপস্থাপন কৰা বুলিও একাংশ লোকে ফেচবুকত সমালোচনা কৰিছে। প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ আৱেগক আঘাত কৰা যোৰহাটৰ বহিৰাগত প্ৰতিষ্ঠানটোৰ এই কাণ্ডক লৈ সৰৱ হৈ পৰিছে সংস্কৃতিপ্ৰেমী লোকসকল।
পূজাৰ সময়ত শ্বপিং মলসমূহত দৰ্শকৰ উথপথপ পৰিৱেশৰ মাজতে এই ভিডিঅ'টো Viral হৈ পৰিছে। বিহুৰ সাজ পিন্ধি ‘মানিকে মাগে হিঠে’ গানটোত নৃত্য কৰা পৰিলক্ষিত হৈছে এই ভিডিঅ'টোত। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে একাংশ সচেতন লোক। যোৰহাট বিগ বাজাৰৰ এই কাণ্ডই জোকাৰি গৈছে অসমীয়া সংস্কৃতিপ্ৰেমীসকলক। কি কাৰণে বিহুৰ পোছাক পিন্ধি বা বিহু নৃত্য়ৰ সৈতে এই গানটো সংযোগ কৰা হ'ল তাকৈ লৈ উঠিছে প্ৰশ্ন !
‘মানিকে মাগে হিঠে’ (Manike Mage Hithe), কেইটামান সপ্তাহ ধৰি শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মুখত এই সিংহলী ভাষাৰ গীতটি শুনিবলৈ পোৱা গৈছে। কেইটামান দিনৰ ভিতৰতে ছচিয়েল মিডিয়াত জনপ্ৰিয়তাৰ শিখৰ পাইছেগৈ য়’হানী ডি ছিলভা (Yohani Diloka De Silva)ই গোৱা এই মিঠা প্ৰেমৰ গানটো। ইতিমধ্যেই হিন্দীৰ লগতে বিভিন্ন ভাষাত গানটো ৰিমেক বনাই গোৱা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|