মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat: যোৰহাটৰ ৰাজপথত তহল দিবলৈ আৰক্ষীয়ে কিয় ব্যৱহাৰ কৰিছে ঘোঁৰা!

Jorhat: যোৰহাটৰ ৰাজপথত তহল দিবলৈ আৰক্ষীয়ে কিয় ব্যৱহাৰ কৰিছে ঘোঁৰা!

যোৰহাটৰ ৰাজপথত এইবাৰ ঘোঁৰা লৈ তহল দিয়াত নামিল অসম আৰক্ষী।

Jorhat: এতিয়াৰে পৰা সপ্তাহত দুই-এদিন যোৰহাটৰ ৰাজপথত আৰক্ষীয়ে ঘোঁৰাত উঠি তহল দিয়াৰ ব্যৱস্থা কৰিব।

  • Share this:

যোৰহাটৰ ৰাজপথত এইবাৰ ঘোঁৰা লৈ তহল দিয়াত নামিল অসম আৰক্ষী। জনসাধাৰণৰ সন্মুখত আৰক্ষীৰ উপস্থিতি সবল ৰূপত দাঙি ধৰাৰ উদ্দেশ্যৰে পেট্ৰলিঙত যোৰহাট আৰক্ষীয়ে ব্যৱহাৰ কৰিছে ঘোঁৰা।


উল্লেখযোগ্য় যে, গাড়ী , দুচকীয়া বাহন , খোজকাঢ়ি পথত তহল দিয়াৰ লগতে এতিয়াৰে পৰা সপ্তাহত দুই-এদিন যোৰহাটৰ ৰাজপথত আৰক্ষীয়ে ঘোঁৰাত উঠি তহল দিয়াৰ ব্যৱস্থা কৰিব।


সাধাৰণতে জনসমাগম বা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ঘোঁৰা ব্যৱহাৰ কৰে। আৰক্ষীক জনসাধাৰণৰ সন্মুখত কিছু পৃথক ৰূপত দাঙি ধৰাৰ উদ্দেশ্যৰে যোৰহাটত পেট্ৰলিঙত ঘোঁৰা ব্যৱহাৰ কৰা হৈছে বুলি যোৰহাট আৰক্ষীয়ে জানিবলৈ দিছে। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা হৰ্চ পেট্ৰলিঙৰ বাবে এই ঘোঁৰাবোৰ অনা হৈছে বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি