দেশ কঁপোৱা যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ড(Animesh Bhuyan Murder Case) গোচৰৰ তদন্ত ক্ষীপ্ৰ গতিত আগবাঢ়িছে। আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য-প্ৰমাণ আৰু সাক্ষী। ফৰেণছিক পৰীক্ষাৰ প্ৰতিবেদনসমূহ লাভ কৰাৰ পিছতে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই গোচৰৰ এখন শক্তিশালী চাৰ্জশ্বিট আৰক্ষীয়ে (Jorhat Police)দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিছে যোৰহাটলৈ তদন্ত প্ৰক্ৰিয়াৰ বুজ ল'বলৈ অহা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। আনহাতে এই ঘটনাৰ পিছতে শাস্তিমূলক বদলি কৰা হৈছে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক।
যোৰহাটত সংঘটিত অনিমেষ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বুজ ল'বলৈ মঙলবাৰে যোৰহাটত উপস্থিত হয় স্পেছিয়েল ডিজিপি জি পি সিং(GP Singh) । শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে পূব মণ্ডলৰ ডি আই জিকে ধৰি যোৰহাটৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই ঘটনাৰ তদন্ত সন্দৰ্ভত বহু সময় ধৰি আলোচনা কৰে। এই ঘটনাৰ পিছতে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাক বদলি কৰা হৈছে বুলি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ কামকাজসমূহ সন্তোষজনক নাছিল বুলি জানিবলৈ দিয়ে শীৰ্ষ বিষয়াগৰাকীয়ে।
আনহাতে এই ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়াৰ লগতে বহুখিনি তথ্য-প্ৰমাণ , সাক্ষী লাভ কৰা হৈছে বুলি জানিবলৈ দিয়ে জি পি সিঙে। আনহাতে বহুখিনি তথ্য পৰীক্ষাৰ বাবে ফৰেণছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ প্ৰতিবেদন অহাৰ পিছতে জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতে এখন কটকটীয়া চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে শীৰ্ষ বিষয়াগৰাকীয়ে।
" আমি পৰ্যাপ্ত পৰিমাণে এই ঘটনাৰ লগত জড়িত তথ্য-প্ৰমাণ লাভ কৰিছো। বহুখিনি ভিডিঅ', চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰা হৈছে। চাক্ষুষ সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। কিছুমান তথ্য পৰীক্ষাৰ বাবে ফৰেণছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এই প্ৰতিবেদনসমূহ আহিলে মোৰ দৃঢ় বিশ্বাস যে আমি জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত এখন শক্তিশালী চাৰ্জশ্বিট দিব পাৰিম । ", বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এনেদৰে কয়।
আনহাতে এতিয়াও সেই ঘটনাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা লোকসকলক আগবাঢ়ি আহি সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে জি পি সিঙে। সকলো সাক্ষীৰে পৰিচয় আৰক্ষীয়ে গোপনে ৰাখিব বুলি পুনৰ স্পষ্ট কৰি দিছে আৰক্ষীৰ তৰফৰ পৰা।
আনহাতে সমগ্র যোৰহাট জিলাখনত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান কঠোৰ ভাৱে অব্যাহত ৰাখিবলৈ যোৰহাট আৰক্ষীক নিৰ্দেশ দিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। ইয়াৰ বাবে স্কুল-কলেজসমূহৰ সমীপত থকা সন্দেহজনক বিপনীসমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।
এই হত্যাকাণ্ডৰ তদন্তৰ অন্তত এখন শক্তিশালী চাৰ্জশ্বিট দিয়াৰ বাবে উঠিপৰি লাগিছে যোৰহাটৰ আৰক্ষী বিভাগ। আনহাতে নতুন বছৰৰ পৰা যোৰহাট আৰক্ষীক এক নতুন উদ্যমেৰে নতুন ৰূপত ৰাইজে দেখিবলৈ পাব বুলি আশা ব্যক্ত কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|