যোৰহাটৰ মাজ মজিয়াতে দিন দুপৰতে মৰিয়াই মৰিয়াই এজাক উন্মাদে হত্যা কৰিছিল আছু নেতা অনিমেষ ভূঞাক ৷ অনিমেষ ভূঞা হত্যাকাণ্ডৰ ১৮দিনৰ পিছতো চাৰ্জশ্বীট দাখিল কৰিব পৰা নাই যোৰহাট আৰক্ষীয়ে ৷ দুৰ্ভাগ্যৰ বিষয় যে, সাক্ষীৰ অভাৱ ঘটিছে দিন দুপৰতে হোৱা হত্যাকাণ্ডটোত ৷ আৰক্ষী প্ৰশাসন পৰিছে এতিয়া বিমোৰত ৷
যোৰহাটৰ এই ঘটনাটোৱে জোকাৰি গৈছিল সকলোকে ৷ বিশেষকৈ সামাজিক মাধ্যমত অনিমেষৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহিবলৈ সৰ্বত্ৰে উঠিছিল জোৱাৰ ৷ পিছে সময় বাগৰিল ৷ হত্যাৰ মূল অভিযুক্ত ক'লা ল'ৰাৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল দুৰ্ঘটনাত ৷ তুঁহ জুইৰ দৰে তিনি চাৰিদিনলৈকে চলি থাকিল #JUSTICE FOR ANIMESH লেখিয়া শ্লোগান ৷ তুঁহ জুইৰ দৰেই হঠাতে নুমাল অসমীয়াৰ আৱেগ ৷ আৰক্ষীক সাক্ষ্য দি চাৰ্জশ্বীট দিয়াবলৈ ওলাই নাহিল কোনো যোৰহটীয়া ৷ যাৰ পৰিপ্ৰেক্ষিতত ২০দিনত দিব পৰা চাৰ্জশ্বীট দিব পৰা নাই আৰক্ষীয়ে,"আমি সঠিক দিশতে আগবাঢ়িছো ৷ কিন্তু, কোনো লোক সাক্ষী দিবৰ বাবে আগবাঢ়ি অহা নাই ৷ সাক্ষী দিয়া লোক পালে আমি ২০দিনতে চাৰ্জশ্বীট দিব পাৰিলোহেঁতেন ৷"—SP। যোৰহাটৰ অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত ক'লা ল'ৰাৰ মৃত্যুৰ পিছত আন ১৪জন আছে ন্যায়িক জিম্মাত ৷ যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে বিচাৰিছে প্ৰত্যক্ষদৰ্শীৰ সহযোগ ৷ আৰক্ষীয়ে গোপনে ৰাখিব সাক্ষ্য দাতাৰ পৰিচয়, থানালৈও যাব নালাগে সাক্ষী ৷ যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে সাক্ষী দি আইনী মেৰপেচত সোমাই পৰাৰ ভয়ত যদি কোনোবা আগবাঢ়ি অহা নাই তেওঁলোককো দিলে অভয় বাণী "ফাষ্টট্ৰেক আদালততে হ'ব গোচৰ নিষ্পত্তি ৷ গতিকে বাৰে বাৰে আদালতলৈ গৈ থাকিব নালাগে সাক্ষ্যদানকাৰী ৷"—অংকুৰ জৈন। ইফালে, এই সমগ্ৰ বিষয়টোত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনেও বিচাৰিলে ৰাইজৰ সহায় ৷ "ৰাইজ আগবাঢ়ি আহিব লাগে ৷ ভয় কৰিবলগীয়া একো নাই ইয়াত ৷ সকলোৱে সহযোগ কৰক আৰক্ষীক ৷ আৰক্ষীয়ে কৈছেই, গোপনে ৰখা হ'ব সাক্ষী দিয়া লোকৰ পৰিচয় ৷"আকৌ এবাৰ প্ৰমান হ'ল অসমীয়াৰ আৱেগ কি? সকলোৱে ভাবিছিল অভি-নীল, দেৱেন দত্ত, ঝংকাৰহঁতে ন্যায় নাপালেও অনিমেষে পাব ৷ কিন্তু চৰম দুৰ্ভাগ্য যে, সেয়াও যেন সপোনহে আছিল ৷ আৱেগৰ তুঁহ জুইত গা গৰম কৰা অসমীয়া নোলাল এতিয়ালৈ অনিমেষৰ হৈ সাক্ষী দিবলৈ ৷ আৰক্ষী প্ৰশাসনে পৰিচয় গোপনে ৰাখিম বুলি আশ্বাস দিয়াৰ পিছতো হাত সাৱতি বহি থকা কোনোবা পুৰুষ ওলাবনে সাক্ষ্য দানৰ বাবে, সেয়া হৈ পৰিছে প্ৰশ্নৰ বিষয় ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|