Eat Right Challengeত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে অসমৰ দুখন জিলা, কি এই সঠিক খাদ্য খোৱাৰ প্ৰত্যাহ্বান?

স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য খোৱাৰ বাবে জিলাবাসীক আগ্ৰহী আৰু সক্ষম কৰি তোলা এই পদক্ষেপৰ মূল উদ্দেশ্য।
স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য খোৱাৰ বাবে জিলাবাসীক আগ্ৰহী আৰু সক্ষম কৰি তোলা এই পদক্ষেপৰ মূল উদ্দেশ্য।
- News18 Assam
- Last Updated: February 10, 2021, 10:02 AM IST
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ চমুকৈ FSSAI য়ে ভাৰতৰ জনতাৰ মাজত সঠিক খাদ্য খোৱাৰ এক আন্দোলন আৰম্ভ কৰিছে। ইয়াৰ বাবে দেশৰ ডেৰশ জিলা বাচি উলিয়াই এই জিলাসমূহৰ মাজত সঠিক খাদ্য খোৱাৰ প্ৰত্যাহ্বান শীৰ্ষক এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ৰাইজৰ মাজত সঠিক খাদ্য খোৱাৰ মনোভাৱ জাগৃত কৰিবৰ বাবে মূল তিনিটা বিষয় আগত ৰাখি আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা। সুৰক্ষিত নোহোৱা খাদ্যসমূহক অখাদ্য ৰূপে গণ্য কৰা , শৰীৰ আৰু মন উভয়ৰ বাবে উপযোগী স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা আৰু সকলো প্ৰাণীৰ বাবে উৎকৃষ্ট ৰূপে বিবেচিত হোৱা খাদ্য গ্ৰহণ কৰাত এই প্ৰতিযোগিতাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য খোৱাৰ বাবে জিলাবাসীক আগ্ৰহী আৰু সক্ষম কৰি তোলা এই পদক্ষেপৰ মূল উদ্দেশ্য।
"পুষ্টিকৰ খাদ্য খোৱাৰ বাবে ৰাইজৰ মাজত বিভিন্ন মাধ্যমেৰে আমি সজাগতা বৃদ্ধিৰ চেষ্টা কৰিম। খাদ্য প্ৰস্তুত কৰা আৰু বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহে খাদ্য সুৰক্ষা বিভাগৰ নীতি–নিয়ম মানি চলিছেনে নাই সেয়া পৰীক্ষা কৰা হ’ব। আনহাতে খাদ্য প্ৰস্তুত কৰা আত্মসহায়ক গোট তথা বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানসমূহক FSSAIৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰা হব।", যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে এনেদৰে কয়।