অনিমেশ ভূঞা হত্যাৰ মূল খলনায়ক ক'লা গুণ্ডা ওৰফে নীৰজ দাস।
Jorhat Mob Lynching : ক'লা ল'ৰা অৰ্থাৎ নীৰজ দাসৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। দণ্ডাধীশৰ উপস্থিতত মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰা হয়।
যোৰহাটৰ অনিমেশ ভূঞা (Animesh Bhyuan)ৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক'লা ল'ৰা (Kola Lora) অৰ্থাৎ নীৰজ দাসৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয় (JMCH)ৰ পৰা ঘৰলৈ নিবলৈ যোৰহাটৰ এম্বুলেন্স চালকৰ অমান্তি। নৃশংস হত্যাকাণ্ডৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট চহৰতো হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যাৰ ফলত যোৰহাটৰ এম্বুলেন্স চালকসকলে ক'লা ল'ৰাৰ মৃতদেহ নিবলৈ অমান্তি হৈছে।
যোৰহাটৰ মাজ মজিয়াতে হৈছিল অনিমেশৰ হত্যা। ক'লা ল'ৰাৰ নেতৃত্বত হৈছিল এই হত্যাকাণ্ড। সেয়ে এতিয়া যোৰহাটৰ এম্বুলেন্স (Ambulance) চালকসকলে ক'লা ল'ৰাৰ মৃতদেহ নিবলৈ অমান্তি হৈছে। ফলত পৰিয়ালৰ লোকে এখন টাটা এচিৰে মৃতদেহ নিবৰ বাবে প্ৰস্তুতি চলাইছে। নীৰজ দাসৰ খুড়াক সুৰেশ দাসৰ মন্তব্য।
ক'লা ল'ৰা অৰ্থাৎ নীৰজ দাসৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। দণ্ডাধীশৰ উপস্থিতত মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰা হয়। মৰণোত্তৰ পৰীক্ষাত ক'লা ল'ৰাৰ দেহত বাহ্যিক আঘাত থকা বুলি উল্লেখ কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|