• Home
  • »
  • News
  • »
  • assam
  • »
  • JORHAT : মহালয়াৰ পুৱাই এটা হাতীৰ বাবে অথন্তৰ, আদবাটতে শোভাযাত্ৰাত বাধা আৰক্ষীৰ, ভক্তপ্ৰাণ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া

JORHAT : মহালয়াৰ পুৱাই এটা হাতীৰ বাবে অথন্তৰ, আদবাটতে শোভাযাত্ৰাত বাধা আৰক্ষীৰ, ভক্তপ্ৰাণ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া

ঘটনাই যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষীৰ মাজত থকা সমন্বয়হীনতাক পুনৰ এবাৰ প্ৰমাণ কৰিলে বুলি চৰ্চা চলিছে।

ঘটনাই যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষীৰ মাজত থকা সমন্বয়হীনতাক পুনৰ এবাৰ প্ৰমাণ কৰিলে বুলি চৰ্চা চলিছে।

ঘটনাই যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষীৰ মাজত থকা সমন্বয়হীনতাক পুনৰ এবাৰ প্ৰমাণ কৰিলে বুলি চৰ্চা চলিছে।

  • Share this:
দেওবাৰে পুৱা যোৰহাট জিলাত উলহ–মালহেৰে উদযাপন কৰা হয় মহালয়া। বছৰ বছৰ ধৰি চলি অহা পৰম্পৰা ৰক্ষা কৰি পুৱতিনিশাৰে পৰা যোৰহাট নগৰৰ ৰাজপথলৈ প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহে হাজাৰ হাজাৰ লোক। একাংশ পূজা সমিতিৰ মহালয়া শোভাযাত্ৰাই পৰিৱেশটো অধিক জীপাল কৰি তোলে।

বিগত বহু বছৰৰ দৰে যোৰহাট কেন্দুগুৰি সাংস্কৃতিক সমাজ সাৰ্বজনীন দুৰ্গাপূজা সমিতিয়ে এইবাৰো মহালয়া উপলক্ষে এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়ায়। পূৰ্বৰ দৰে এইবাৰো শোভাযাত্ৰাত থাকে এটা হাতী । কিন্তু এই হাতীটোক লৈয়ে মহালয়াৰ পুৱা সৃষ্টি হয় এক অনাহুত পৰিস্থিতিৰ।

যোৰহাট জিলা প্ৰশাসনৰ পৰা হাতী লৈ নগৰৰ গড়আলিৰ মাজেৰে শোভাযাত্ৰা উলিওৱাৰ যাৱতীয় অনুমতি থকাৰ পিছতো কিন্তু কেন্দুগুৰি সাংস্কৃতিক সমাজ সাৰ্বজনীন দুৰ্গাপূজা সমিতিক আধাবাটতে শোভাযাত্ৰা কৰি আগবঢ়াত বাধা প্ৰদান কৰে যোৰহাট আৰক্ষীয়ে।

আৰক্ষীয়ে পূজা সমিতিৰ বিষয়ববীয়াসকলক হাতী লৈ গড়আলিৰ মাজেৰে শোভাযাত্ৰা কৰাত বাধা প্ৰদান কৰে । গড়আলিত বহু লোকৰ ভিৰ হোৱা বাবে আৰক্ষীয়ে হাতী লৈ শোভাযাত্ৰা কৰাত বাধা দিয়ে যদিও পূজা সমিতিয়ে জানিবলৈ দিয়ে যে প্ৰতিবছৰে এনে ভিৰৰ মাজেদিয়েই এনেদৰে হাতী লৈ শোভাযাত্ৰা কৰি অহা হৈছে ।

তেওঁলোকৰ এই পৰম্পৰা দীৰ্ঘদিন ধৰি চলি আহিছে আৰু ইয়াৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ পৰা তেওঁলোকে যাৱতীয় অনুমতিও লৈছে। এই অনুমতি পত্ৰ দেখুওৱাৰ পিছতো কিন্তু আৰক্ষীয়ে শোভাযাত্ৰা কৰি আগবাঢ়িবলৈ নিদিয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় পূজা সমিতিৰে জড়িত লোকসকলৰ মাজত।

অৱশেষত শোভাযাত্ৰাত অংশ লোৱা লোকসকলে যোৰহাট আৰক্ষীৰ এই ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যৰ বিৰোধিতা কৰি ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়াত কিছু নৰম হয় আৰক্ষী। অৱশেষত আৰক্ষীৰ বেষ্টনীৰ মাজেৰে আগবাঢ়িবলৈ দিয়া হয় হাতীসহ শোভাযাত্ৰাটো। কিছু পলমকৈ হ'লেও পূৰ্বৰ দৰে আনন্দ–উলাহৰ মাজেৰে অন্ত পৰে মহালয়াৰ এই শোভাযাত্ৰা।

জিলা প্ৰশাসনে প্ৰদান কৰা যাৱতীয় অনুমতি থকাৰ পিছতো একাংশ আৰক্ষী বিষয়াই এটা হাতীক কেন্দ্ৰ কৰি সৃষ্টি কৰা এই পৰিস্থিতিয়ে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাই যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষীৰ মাজত থকা সমন্বয়হীনতাক পুনৰ এবাৰ প্ৰমাণ কৰিলে বুলি চৰ্চা চলিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি