কেনেদৰে অনুষ্ঠিত হ’ব এইবাৰ দুৰ্গা পূজা, যোৰহাটত মহালয়াৰ পুৱা দেখা পোৱা যাবনে পূৰ্বৰ পৰিৱেশ?

News18 Assam | News18-Assam
Updated:September 4, 2020, 5:50 PM IST
কেনেদৰে অনুষ্ঠিত হ’ব এইবাৰ দুৰ্গা পূজা, যোৰহাটত মহালয়াৰ পুৱা দেখা পোৱা যাবনে পূৰ্বৰ পৰিৱেশ?
জাকজমকতা নাথাকিলেও , মূৰ্তিৰ আকাৰ সৰু হ’লেও তথা ইয়াত ভিন্নতা নাথাকিলেও বৰ্তমান বহুতৰে মুখত হাঁহি বিৰিঙিছে।

জাকজমকতা নাথাকিলেও , মূৰ্তিৰ আকাৰ সৰু হ’লেও তথা ইয়াত ভিন্নতা নাথাকিলেও বৰ্তমান বহুতৰে মুখত হাঁহি বিৰিঙিছে।

  • Share this:
যোৰহাটৰ মহালয়া আৰু দুৰ্গা পূজাৰ আছে এক সুকীয়া মাদকতা। মহালয়াৰ পুৱা ৰাজপথত প্ৰাত:ভ্ৰমণ কৰিবলৈ হাজাৰ হাজাৰ লোক ওলাই অহাতো যোৰহাটৰ দীৰ্ঘদিনীয়া পৰম্পৰা। মহালয়াৰ লগতে পূজাৰ কেইদিনতো বিশেষ ৰূপ লাভ কৰে যোৰহাট নগৰখনে। কিন্তু এইবাৰ যোৰহাটত মহালয়া আৰু পূজা অনুষ্ঠিত হ’বনে নাই তাক লৈ পূজা কমিটীসমূহৰ লগতে খনিকৰসকল আৰু ব্যৱসায়ীসকলে উৎকণ্ঠাৰে বাট চাই আছিল। কোভিড–১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ আলোচনাৰ অন্তত এই সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে সিদ্ধান্ত।

এইবাৰ মহালয়াত কৰিব নোৱাৰিব প্ৰাতঃভ্ৰমণ :
যোৰহাটৰ মহালয়াৰ কথা সুকীয়া হ’লেও এইবাৰ মহালয়াৰ পুৱা যোৰহাটৰ ৰাজপথত হাজাৰ হাজাৰ লোকে ভিৰ কৰিব নোৱাৰিব। এইবাৰ যোৰহাটত দেখা পোৱা নাযাব মহালয়াৰ পূৰ্বৰ পৰিৱেশ। কোভিড–১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসনে পূৰ্বৰ দৰে মহালয়া উদযাপনৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে যোৰহাটত অনুষ্ঠিত হ’ব দুৰ্গা পুজা। এইবাৰ নিৰ্দিষ্ট নিয়মৰ মাজেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিব যোৰহাট জিলা প্ৰশাসনে। কিন্তু এই পূজা অনুষ্ঠিত কৰিব লাগিব বিশেষ ধৰণেৰে।

এইবাৰৰ পূজা হ’ব বিশেষ :
এইবাৰ পূৰ্বৰ দৰে নগৰৰ ৰাজপথসমূহত বা পথৰ কাষত অনুষ্ঠিত নহ’ব কোনো পূজা। ইয়াৰ বাবে প্ৰশাসনে নিদিয়ে অনুমতি। পৰম্পৰাগতভাৱে পূজা অনুষ্ঠিত কৰি অহা মন্দিৰ তথা ধৰ্মীয় অনুষ্ঠানসমূহত পূজা অনুষ্ঠিত হ’ব তথা সুকীয়া ঠাইত পূজা অনুষ্ঠিত কৰিব বিচাৰিলে সেয়া পৰিদৰ্শন কৰাৰ পিছতহে অনুমতি প্ৰদান কৰিব জিলা প্ৰশাসনে। সেয়েহে এইবাৰ যোৰহাট নগৰৰ বহু ঠাইতে অনুষ্ঠিত নহ’ব বহুকেইখন পূজা।

শুকুৰবাৰে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ মাজত এই সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত হয়। সেই অনুসৰি এইবাৰ পূজাৰ প্ৰতিমাসমূহৰ আকাৰ পাঁচ ফুটৰ ভিতৰত সীমাবদ্ধ থাকিব আৰু সকলো প্ৰতিমা একে আৰ্হিত নিৰ্মাণ কৰা হ’ব। আনহাতে দেৱীৰ বিসৰ্জনৰ সময়ত এখন পূজা সমিতিৰ পৰা এখন সৰু চাৰিচকীয়া গাড়ীত চালকসহ মাত্ৰ পাঁচজন লোকহে প্ৰতিমা বিসৰ্জন স্থলীলৈ যাব পাৰিব। মণ্ডপসমূহতো নাথাকিব কোনো বিশেষ জাকজমকতা।

"আমি এইবাৰ পথৰ ওপৰত বা পথৰ কাষত কোনো পূজা মণ্ডপ সাজিবলৈ অনুমতি নিদিও। আছুতীয়া ঠাই থাকিলে সেয়া পৰিদৰ্শন কৰাৰ পিছত সিদ্ধান্ত লোৱা হ’ব। আনহাতে, দেৱী বিসৰ্জনৰ বাবে এখন পূজা সমিতিৰ পৰা এখন সৰু গাড়ীত চালকসহ পাঁচজন লোককহে বিসৰ্জন স্থলীলৈ যাবলৈ অনুমতি দিয়া হ’ব। এইবাৰ যোৰহাটত পূৰ্বৰ দৰে মহালয়া অনুষ্ঠিত কৰিবলৈ দিয়া নহব।", যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে এনেদৰে কয়।

যোৰহাট কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ তথ্য অনুসৰি, যোৰহাটত ৮৫খন পঞ্জীয়নভুক্ত পূজা অনুষ্ঠিত হয়। ব্যক্তিগতভাৱে আয়োজন কৰা পূজাসমূহ ধৰিলে এই সংখ্যা বিগত বৰ্ষত হৈছিলগৈ ১২৮খন। কিন্তু এইবাৰ পূজাৰ সংখ্যা বহু হ্ৰাস পাব। শুকুৰবাৰে হৈ যোৱা আলোচনাৰ অন্তত জিলা প্ৰশাসনৰ নিৰ্দেশ মানি সকলোৱে পূজা উদযাপন কৰিবলৈ মান্তি হৈছে।

"আমি প্ৰশাসনৰ সিদ্ধান্ত মানি লৈছো। প্ৰতিমা স্থাপন কৰিয়েই পূজা অনুষ্ঠিত হ’ব। কিন্তু এই প্ৰতিমাসমূহৰ আকাৰ পাঁচ ফুটৰ ভিতৰত হ’ব। এইবাৰৰ পূজাত জাকজমকতা নাথাকিব।", যোৰহাট কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি দেৱজিত বৰদলৈয়ে এনেদৰে কয়।

অৱশেষত হাহি বিৰিঙিল খনিকৰসকলৰ মুখত :
দীৰ্ঘ বিৰতিৰ অন্তত মুখত হাহি বিৰিঙিছে প্ৰতিমা নিৰ্মাণ কৰা খনিকৰসকলৰ মুখত। বৰ্তমান উদ্বিগ্নতাৰ অৱসান ঘটাত মূৰ্তি নিৰ্মাণ কৰিবলৈ সাজু হৈছে খনিকৰসকল। অচিৰেই প্ৰাণ পাই উঠিব তেওঁলোকৰ কাৰখানাসমূহ। কেইদিনমানৰ ভিতৰতে কোচবিহাৰৰ পৰা যোৰহাট আহি পাব খনিকৰসকল। পাঁচ ফুট উচ্চতাৰ হ’লেও সুন্দৰকৈ প্ৰতিমা নিৰ্মাণৰ পৰিকল্পনা কৰিছে খনিকৰসকলে।

"আমি আজিলৈকে প্ৰতিমা নিৰ্মাণৰ কোনো অৰ্ডাৰ লোৱা নাছিলো। এতিয়া নিশ্চিত হোৱাৰ পিছত কাম আৰম্ভ কৰিব পাৰিম। মূৰ্তিৰ উচ্চতা পাঁচ ফুট হ’লেও কোনো সমস্যা নাই। প্ৰশাসনৰ নিয়ম মানি যেনে ডিজাইনৰ প্ৰতিমা বিচাৰে আমি নিৰ্মাণ কৰি দিম।", যোৰহাট দুৰ্গা প্ৰতিমা কাৰ্যালয়ৰ খনিকৰ শংকৰ পালে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

এনেদৰেই এইবাৰ যোৰহাটত অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গোৎসৱ। জাকজমকতা নাথাকিলেও , মূৰ্তিৰ আকাৰ সৰু হ’লেও তথা ইয়াত ভিন্নতা নাথাকিলেও বৰ্তমান বহুতৰে মুখত হাঁহি বিৰিঙিছে। কাৰণ মহামাৰীৰ মাজটো যে অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গা পূজা।
Published by: Sanjay Kumar Das
First published: September 4, 2020, 5:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি