• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid 19: যোৰহাটত ড্ৰ'নেৰে নিৰীক্ষণ জনসমাগম, কোভিড সংক্ৰমণ বৃদ্ধিক লৈ কঠোৰ হৈছে প্ৰশাসন

Covid 19: যোৰহাটত ড্ৰ'নেৰে নিৰীক্ষণ জনসমাগম, কোভিড সংক্ৰমণ বৃদ্ধিক লৈ কঠোৰ হৈছে প্ৰশাসন

ক'ভিডৰ লগতে সামাজিক ব্যাধি চুলাই মদক বিদায় দিয়াৰ আহ্বান জনায় যোৰহাটৰ উপায়ুক্তই।

ক'ভিডৰ লগতে সামাজিক ব্যাধি চুলাই মদক বিদায় দিয়াৰ আহ্বান জনায় যোৰহাটৰ উপায়ুক্তই।

ক'ভিডৰ লগতে সামাজিক ব্যাধি চুলাই মদক বিদায় দিয়াৰ আহ্বান জনায় যোৰহাটৰ উপায়ুক্তই।

  • Share this:

এইবাৰ ক'ভিড সংক্ৰমণক লৈ অধিক কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। শেহতীয়াকৈ যোৰহাটত ভয়াৱহভাৱে বৃদ্ধি পোৱা ক'ভিডক ৰুধিবলৈ খোদ যোৰহাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক গাঁৱে গাঁৱে গৈ ৰাইজক সজাগ কৰাত নামি পৰিছে। দেওবাৰে বিয়লি টীয়কৰ চিন্তামণিগড়ত ড্ৰ'ন কেমেৰাৰ জৰিয়তে ক'ত জনসমাগম ঘটিছে, সেয়া সূক্ষ্ম সূক্ষ্মকৈ পৰ্যবেক্ষণ কৰে।


একেদৰে খোজকাঢ়ি গৈও অঞ্চলটো পৰিদৰ্শন কৰি সজাগ কৰে ৰাইজক।যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনে কয়- প্ৰশাসনৰ লোকলৈ নহয়, ৰাইজে ক'ভিডক লৈ ভয় কৰক। আৰু যিয়েই ক'ভিড নীতি উলংঘা কৰাৰ প্ৰমাণ পাব, তেওঁক লৈ বিহিত ব্যৱস্থা হাতত ল'ব। জিলাখনত ক'ভিড সংক্ৰমণৰ অন্যতম হটস্পট হিচাপে চিহ্নিত উক্ত অঞ্চলটো।


ইপিনে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয়- ৰাইজে ক'ভিডৰ পৰা ক্ষিপ্ৰতাৰে মুক্ত হোৱাৰ চেষ্টা কৰক। চৰকাৰে বান্ধি দিয়া নিৰ্দেশাৱলী সকলোৱে মানি চলক। তেওঁ লগতে ক'ভিডৰ লগতে সামাজিক ব্যাধি চুলাই মদক বিদায় দিয়াৰ আহ্বান জনায়। চুলাই মদ পৰিহাৰ নকৰিলে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈয়ে থাকিব। এইক্ষেত্ৰত আৰু অধিক কঠোৰ হ'ব জিলা প্ৰশাসন।

Published by:Gautam Barman
First published: