মুখ্যপৃষ্ঠা »খবৰ »অসম »Jonmani Rabha : SI জোনমণি ৰাভাৰ মৃত্যুক লৈ উত্তাল বঙাইগাঁও, ৰাজপথ কঁপালে কেইবাটাও সংগঠনে

Jonmani Rabha : SI জোনমণি ৰাভাৰ মৃত্যুক লৈ উত্তাল বঙাইগাঁও, ৰাজপথ কঁপালে কেইবাটাও সংগঠনে

বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ। এই প্ৰতিবাদৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যান–বাহন চলাচল ব্যাহত হৈ পৰে।

  • Share this:
SI জোনমণি ৰাভাৰ মৃত্যুৰ নিকা, স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ লগতে দোষীক অনতি পলমে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত বঙাইগাঁও জিলাৰ খগৰপুৰত পথ অৱৰোধ কাৰ্যসূচী। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা মহিলা পৰিষদৰ লগতে কেইবাটাও ৰাভা জাতীয় সংগঠনৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই পথ অৱৰোধ কাৰ্যসূচী।

বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ। এই প্ৰতিবাদৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যান–বাহন চলাচল ব্যাহত হৈ পৰে। ‘অসম চৰকাৰ হায় হায়’, ‘গৃহবিভাগ হায় হায়’, ‘উই ৱাণ্ট জাষ্টিচ’ আদি শ্লোগানেৰে অৱৰোধস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। পথ অৱৰোধ কাৰ্যসূচীৰ ফলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল ব্যাহত হৈ পৰে।

উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ইতিমধ্যে চিবিআইক প্ৰদান কৰা হৈছে। ১৬ মে’ৰ নিশা দুৰ্ঘটনাত মৃত্যু হৈছিল উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ। এই ঘটনাৰ পিছতে জোনমণি ৰাভাৰ মৃত্যুক লৈ উত্থাপিত হৈছিল বহু অভিযোগ। জোনমণিৰ পৰিয়ালেও এয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছে। তাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিআইডিৰ পৰা চিবিআইক অৰ্পণ কৰিছিল ঘটনাৰ তদন্তৰ ভাৰ।

শেহতীয়া বাতৰি