তৰুণ গগৈৰ NRC বিৰোধী স্থিতিয়ে বিপদ মাতিছে জনিয়া কংগ্ৰেছলৈ, জনিয়াত তৰুণ গগৈৰ প্ৰচাৰ বাৰণ কংগ্ৰেছৰ!

তৰুণ গগৈৰ NRC বিৰোধী স্থিতিত দিকভ্ৰান্ত জনিয়া কংগ্ৰেছ। বেনাৰ-পোষ্টাৰতো ৰখা নাই তৰুণ গগৈৰ ফটো। বংগমূলীয় মুছলমানক লৈ বিপদত বিজেপি ৷

News18-Assam
Updated:October 16, 2019, 4:57 PM IST
তৰুণ গগৈৰ NRC বিৰোধী স্থিতিয়ে বিপদ মাতিছে জনিয়া কংগ্ৰেছলৈ, জনিয়াত তৰুণ গগৈৰ প্ৰচাৰ বাৰণ কংগ্ৰেছৰ!
তৰুণ গগৈৰ NRC বিৰোধী স্থিতিত দিকভ্ৰান্ত জনিয়া কংগ্ৰেছ। বেনাৰ-পোষ্টাৰতো ৰখা নাই তৰুণ গগৈৰ ফটো। বংগমূলীয় মুছলমানক লৈ বিপদত বিজেপি ৷
News18-Assam
Updated: October 16, 2019, 4:57 PM IST
যিমানেই নিৰ্বাচনৰ দিন কাষ চাপিছে জনিয়াত সিমানেই আউল লাগিছে শাসক-বিৰোধীৰ অংকত ৷ সমষ্টিতো নিজৰ দখলত থকাৰ পিছতো আশাব্যঞ্জক নহয় কংগ্ৰেছৰ স্থিতি ৷ বংগমূলীয় মুছলমানক লৈ বিপদত বিজেপি ৷ ফলস্বৰূপে এতিয়া সুযোগৰ সন্ধানত ব্যস্ত  AIUDF ৷

তৰুণ গগৈৰ NRC বিৰোধী স্থিতিত দিকভ্ৰান্ত জনিয়াৰ ভোটাৰ ৷ যাৰ বাবে জনিয়াত তৰুণ গগৈৰ প্ৰচাৰ বাৰণ কৰিছে জনিয়া কংগ্ৰেছে ৷  বেনাৰ-পোষ্টাৰতো ৰখা নাই তৰুণ গগৈৰ ফটো ৷ ৰাজ্যত চাৰি সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ক্ৰমাত চমু চাপিছে। সমষ্টিকেইটাত প্ৰতিটো দলৰ ৰথী মহাৰথীয়ে প্ৰচাৰ অভিযান জোৰদাৰ কৰি গৰম কৰি তুলিছে নিৰ্বাচনী বতাহ।



ভোটাৰ ৰাইজক ভিন্ন প্ৰতিশ্ৰুতিৰে আকৰ্ষণৰ চেষ্টা চলাইছে বিজেপি, কংগ্ৰেছ তথা AIUDFএ। ইতিমধ্যে সোণাৰি,ৰাতাবাৰী,ৰঙাপাৰাৰ ছবি কিছু স্পষ্ট হ'লেও এতিয়াও অন্ধকাৰত জনিয়া সমষ্টি। কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত ড্ৰাইভিং ছীটত কংগ্ৰেছেই থাকিব বুলি আশা কৰা হৈছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ NRC বিৰোধী স্থিতিয়ে বেকফুটত পেলাইছে কংগ্ৰেছৰ প্ৰাৰ্থী চামচুল হকক ৷ কাৰণ সমষ্টিটোৰ ৮০শতাংশতকৈ অধিক ভোটাৰেই হৈছে বংগমূলীয় ধৰ্মীয় সংখ্যালঘু। এনে ক্ষেত্ৰত তৰুণ গগৈৰ NRC বিৰোধী মন্তব্যই ভোটাৰৰ মাজত বিশ্বাসহীন কৰি তুলিছে কংগ্ৰেছ তথা চামছুল হকক। প্ৰদেশ কংগ্ৰেছে এই কথাৰ উমান পাই দলীয় প্ৰাৰ্থীগৰাকীৰ কোনো বেনাৰ -পোষ্টাৰত সংলগ্ন কৰা নাই তৰুণ গগৈৰ ফটো। সমষ্টিটোত বাৰণ কৰা হৈছে গগৈৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।



ইফালে এখোজ আগুৱাই প্ৰাৰ্থী প্ৰক্ষেপত দুখোজ পিছুৱাই অৱশেষত তৌফিক ৰহমানক সমষ্টিটোত প্ৰক্ষেপ কৰাত লোকেল চালানীৰ প্ৰসংগই অশ্বস্তিত পেলাইছে জনিয়া বিজেপিকো ৷ শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সভাপতি -ৰঞ্জিত দাসে তৌফিক ৰহমানক জয়ী কৰাবলৈ প্ৰয়োগ কৰিছে সৰ্বশক্তি ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৌশলী ভাষণেৰে আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে জনিয়াৰ ভোটাৰক ৷ একেদৰে বাংলাত ভাষণ ৰাখি জনিয়াৰ ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

কংগ্ৰেছ আৰু বিজেপিৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ ল'বলৈ চেষ্টা চলাই AIUDFৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে। ইতিমধ্যে কংগ্ৰেছ এৰি বহু নেতাই যোগদান কৰিছে AIUDFত। এনে ক্ষেত্ৰত বিজেপি - কংগ্ৰেছতকৈ কিছু আশাপ্ৰদ স্থিতিত আছে AIUDF । ভোটাৰৰ মন মুহিবলৈও এক প্ৰকাৰ ৰফিকুল ইছলাম সক্ষম হৈছে বুলি প্ৰাথমিক ধাৰণা এটা কৰিলেও সময়তহে স্পষ্ট হ'ব কাৰ পক্ষত থাকিব জনিয়াৰ ভোটাৰ। এটা কথা ঠিক যে জনিয়াত হ'ব ত্ৰিকোণীয়া যুঁজ ৷
আৰু চাওক পৰৱৰ্তী বাতৰি