உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jonbeel Mela: এইবাৰ নবহে ঐতিহাসিক জোনবিল মেলা, নহ'ব আঁহতগুৰিৰ ম'হ যুঁজো

    Jonbeel Mela: এইবাৰ নবহে ঐতিহাসিক জোনবিল মেলা, নহ'ব আঁহতগুৰিৰ ম'হ যুঁজো

     ৫০০ বছৰ পুৰণি বিনিময় প্ৰথাৰ বাবে প্ৰসিদ্ধ জোনবিল মেলা পূৰ্বৰ জাকজমকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব।

    ৫০০ বছৰ পুৰণি বিনিময় প্ৰথাৰ বাবে প্ৰসিদ্ধ জোনবিল মেলা পূৰ্বৰ জাকজমকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব।

    ৫০০ বছৰ পুৰণি বিনিময় প্ৰথাৰ বাবে প্ৰসিদ্ধ জোনবিল মেলা পূৰ্বৰ জাকজমকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব।

    • Share this:

    পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ বাৰ্তা বহনেৰে প্ৰতিবছৰে পালন কৰি অহা ঐতিহাসিক জোনবিল মেলা এইবাৰ অনুষ্ঠিত নহ'ব। কোৰোনাৰ বাবে ৫০০ বছৰ পুৰণি বিনিময় প্ৰথাৰ বাবে প্ৰসিদ্ধ মেলা বাতিল কৰা হৈছে। ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা কেৱল অনুষ্টুপিয়াকৈ অনুষ্ঠিত হ'ব। ২০, ২১ আৰু ২২ জানুৱাৰী তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছিল মেলা পৰিচালনা সমিতিয়ে (Jonbeel Mela  Cancelled)৷


    কিন্তু মহামাৰী কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই এই মেলা (Jonbeel Mela) বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য, ইতিহাস প্ৰসিদ্ধ গোভা ৰাজ্যত পাহাৰীয়া মামা–মামীসকলৰ সৈতে ভৈয়মাৰ বাসিন্দাই খাদ্য বিনিময়ৰ মাজৰে সমন্বয়ৰ বাৰ্তা বহন কৰি অহা জোনবিল মেলাত চুবুৰিয়া ৰাজ্য মেঘালয়ৰ লগতে কাৰ্বি আংলঙৰ উমদেন, উমদুখা, লংপ, মৰঙা আদি পাহাৰীয়া গাঁৱৰ জনজাতিসকলে জলকীয়া, আদা, হালধি, কচু, ৰঙালাউ, লা, বাঁহ–বেতৰ সামগ্ৰীৰে মেলাত অংশ লৈ ভৈয়ামৰ লোকৰে সামগ্ৰীৰ বিনিময় কৰে।


    কিন্তু এইবাৰ এই মেলা কেৱল আনুষ্ঠানিকতাৰ বাবেহে বহিব। আনহাতে কোৰোনাৰ (Corona) বাবে আঁহতগুৰিৰ বিখ্যাত ম'হ যুঁজো বাতিল কৰা হৈছে। আয়োজক সমিতিয়ে ম'হপালকসকলক এইবাৰ কোৰোনাৰ বাবে ম'হ যুঁজ বাতিল কৰা বুলি সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছে। ৷

    Published by:Gautam Barman
    First published: