মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Boy Cleared UPSC: বিফলতাই যাক পৰাজিত কৰিব নোৱাৰে ! UPSCত উজলিল জোনাইৰ ভিনচেন্ট

Assam Boy Cleared UPSC: বিফলতাই যাক পৰাজিত কৰিব নোৱাৰে ! UPSCত উজলিল জোনাইৰ ভিনচেন্ট

কষ্ট আৰু সাধনা থাকিলে অসাধ্য একো নাই তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে জোনাইৰ এটা সাধাৰণ পৰিয়ালৰ মেধাৱী ছাত্ৰ ভিনচেন্টে।

কষ্ট আৰু সাধনা থাকিলে অসাধ্য একো নাই তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে জোনাইৰ এটা সাধাৰণ পৰিয়ালৰ মেধাৱী ছাত্ৰ ভিনচেন্টে।

কষ্ট আৰু সাধনা থাকিলে অসাধ্য একো নাই তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে জোনাইৰ এটা সাধাৰণ পৰিয়ালৰ মেধাৱী ছাত্ৰ ভিনচেন্টে।

  • Share this:
মঙলবাৰে ঘোষণা কৰা সৰ্বভাৰতীয় লোকসেৱা আয়োগ (UPSC) পৰীক্ষাত জোনাইৰ অতি দুখীয়া পৰিয়ালৰ সন্তান ভিনচেন্ট চলেইমথাং ভাইফেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

কষ্ট আৰু সাধনা থাকিলে অসাধ্য একো নাই তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে জোনাইৰ এটা সাধাৰণ পৰিয়ালৰ মেধাৱী ছাত্ৰ ভিনচেন্ট ভাইফেই। স্নাতক ডিগ্ৰীধাৰী ভিনচেন্টে সৰ্বভাৰতীয় পৰীক্ষাৰ UPSC পৰীক্ষাত ৬১৯ স্থান দখল কৰে।

ভিনচেন্টৰ দেউতাকে এখন বে-চৰকাৰী বিদ্যালয়ত দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি কিছু বছৰ আগতে অৱসৰ গ্ৰহণ কৰে। গৃহহীন পৰিয়ালটোৱে আৰ্থিক অনাটনৰ অভাৱত এটা ভাড়াঘৰত থাকি ভিনচেন্ট চলেইমথাং ভাইফেইৰ মাকে কাপোৰৰ ব্যৱসায় কৰি কোনোমতে পৰিয়ালটো চলায় আছে। মাকে কাপোৰ বিক্ৰী কৰি পোৱা টকাৰে ঘৰৰ খৰচৰ লগতে ভিনচেন্টক বহু কষ্টৰ মাজেৰে পঢ়াইছিল।

সৰুৰে পৰাই ভিনচেন্টৰ সপোন আছিল প্ৰসাশনিক বিষয়া হিচাপে কাম কৰাৰ। বহু কষ্টৰে নিজৰ পঢ়া শুনা অব্যাহত ৰখা ভিনচেন্টে অৱশেষত আজি সফল হ'ল সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত। পিতৃয়ে শিক্ষকতা কৰা জোনাইৰ যুৱলী মডেল স্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উৰ্ত্তীণ হৈ জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হয়। পিছত গুৱাহাটীৰ কটন কলেজৰ পৰা জীৱবিজ্ঞান বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল ভিনচেন্টে।

স্নাতক ডিগ্ৰী লাভ কৰিয়ে যুৱকজনে অৱতীৰ্ণ হৈছিল UPSC পৰীক্ষাত। তেওঁ দুবাৰকৈ লিখিত পৰীক্ষাত সফল হৈছিল যদিও মৌখিক পৰীক্ষাত বিফল হ’ব লগা হৈছিল। কিন্তু সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত এইবাৰে জোনাইৰ মেধাৱী ছাত্ৰ ভিনচেন্টে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

পুত্ৰৰ এনে সফলতাত অতি কষ্টৰে পুত্ৰক শিক্ষাৰ বাট দিয়া মাক-দেউতাকৰ মুখত আজি বিৰিঙিছে হাঁহি।

শেহতীয়া বাতৰি