নতুন দিল্লীত যোৱা ৪ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ৬ উগ্ৰপন্থী সংগঠনেৰে হৈ যোৱা ত্ৰিপাক্ষিক শান্তি চুক্তিৰ স্বাক্ষৰকাৰী আলোচনাপন্থী উগ্ৰপন্থী সংগঠনকেইটাই আজি সন্ধিয়া ডিফু কাছা ষ্টেডিয়ামৰ কনফাৰেন্স হলত এক যুটীয়া সংবাদমেল সম্বোধন কৰে ৷ চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰা জিলাখনৰ একাংশ দল-সংগঠনে চুক্তিখনক লৈ বিৰোধিতা কৰা কাৰ্যক লৈ চুক্তি স্বাক্ষৰকাৰী সংগঠনকেইটাই সংবাদমেলত উদ্বেগ প্ৰকাশ কৰিছে।
ইপিনে উক্ত শান্তি চুক্তিক লৈ এপিএইচএলচিৰ সভাপতি জে আই কাথাৰৰ স্থিতিক লৈও কঠোৰ সমালোচনা কৰে চুক্তি স্বাক্ষৰকাৰী নেতৃবৰ্গই ৷ চুক্তি স্বাক্ষৰকাৰী কেএনএলএফৰ অধ্যক্ষ পি দিলীয়ে চুক্তি স্বাক্ষৰ কৰি উভতি অহাৰ পথত বিভিন্ন জাতি–জনগোষ্ঠীৰ লগতে কাৰ্বি আংলংবাসীয়ে দেখুওৱা গভীৰ শ্ৰদ্ধা আৰু আদৰণিৰ বাবে তেওঁ মুগ্ধ বুলিও ব্যক্ত কৰে।
ইফালে সকলো জাতি–জনগোষ্ঠীৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়েই চুক্তিখন স্বাক্ষৰিত কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ চুক্তিখনৰ জৰিয়তে সৰ্বদিশত উন্নয়ন সাধনৰ লগতে জিলাখনত স্থায়ী শান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে চুক্তি কৰা হৈছে বুলিও কৰিছে মন্তব্য ৷
চুক্তিখনৰ প্ৰতিটো দফাৰ সফল ৰূপায়ণৰ বাবে চুক্তি স্বাক্ষৰকাৰী সংগঠনকেইটা সদায় সচেষ্ট থাকিব বুলি কোৱাৰ লগতে চৰকাৰকো এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনাইছে ৷ আনহাতে ৰাজনৈতিক স্বাৰ্থ লাভৰ বাবে চুক্তিখনক লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ চুক্তিৰ বিৰোধিতা কৰা সংগঠনবোৰক সকীয়াই দিছে পি দিলীয়ে ৷
এই চুক্তি কাৰ্বি আংলঙত বসবাস কৰা সকলোৰে বাবে বুলিও কয় নেতাগৰাকীয়ে ৷ আনহাতে প্ৰস্তাৱিত শান্তি চুক্তিলৈ জিলাখনৰ বিৰোধী ৰাজনৈতিক দল এপিএইচএলচিৰ সভাপতি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া জে আই কাথাৰে পূৰ্বৰে পৰা তুমুল বিতৰ্কৰ সৃষ্টি কৰি অহা বুলি অভিযোগ কৰিছে কেএনএলএফৰ আন এগৰাকী নেতা ৰেজাক দেৰাই ৷
ৰেজাক দেৰাই জে আই কাথাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে জে আই কাথাৰ এজন মানসিক বিকাৰগ্ৰস্ত ৰোগী ৷ কাথাৰে জিলাখনৰ উন্নয়ন আৰু শান্তি নিবিচাৰে বাবেই সকলো বিষয়তে তেওঁ প্ৰৰোচনামূলক আৰু বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে ৷
আনহাতে ১৯৯৪ চনৰ পৰা জিলাখনত চলি অহা শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহক লৈ বৰ্তমান ৰাজনৈতিক দল গঠনৰ কোনো চিন্তা–চৰ্চা কৰা নাই বুলিও মন্তব্য কৰিছে। ইফালে চুক্তিৰ পিছৰে পৰা সমালোচনা বা বিৰোধিতা কৰাসকলৰ সংগ্ৰামত কোনো অৱদান নাছিল, গতিকে চুক্তিক লৈ সমালোচনা কৰাৰো তেওঁলোকৰ অধিকাৰ নাই বুলিও কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ আজিৰ সংবাদমেলত চুক্তি স্বাক্ষৰকাৰী ৬ সংগঠনৰ অন্যান্য নেতৃবৃন্দও উপস্থিত থাকে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|