মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাং বন সংমণ্ডলত ৱাইল্ড লাইফ কণ্ট্ৰ’ল ব্যুৰ’ৰ তীব্ৰতৰ অভিযান, তিনিজনক গ্ৰেপ্তাৰ, ১৬.৮৫ কেজিৰ হাতীৰ দাঁত জব্দ

চিৰাং বন সংমণ্ডলত ৱাইল্ড লাইফ কণ্ট্ৰ’ল ব্যুৰ’ৰ তীব্ৰতৰ অভিযান, তিনিজনক গ্ৰেপ্তাৰ, ১৬.৮৫ কেজিৰ হাতীৰ দাঁত জব্দ

News18 Assam | News18-Assam
Updated:November 13, 2020, 7:17 PM IST
চিৰাং বন সংমণ্ডলত ৱাইল্ড লাইফ কণ্ট্ৰ’ল ব্যুৰ’ৰ তীব্ৰতৰ অভিযান, তিনিজনক গ্ৰেপ্তাৰ, ১৬.৮৫ কেজিৰ হাতীৰ দাঁত জব্দ
অভিযান কালত চাৰিটা চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয়।

অভিযান কালত চাৰিটা চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয়।

  • Share this:
ৱাইল্ড লাইফ কণ্ট্ৰ’ল ব্যুৰ’ আৰু এছ এছ বিৰ ১৫ নং বেটেলিয়ানৰ যুটীয়া অভিযান চলিল চিৰাং বন সংমণ্ডলত। আৰু অভিযানৰ অন্তত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে চাৰিটা হাতীৰ দাঁত। হাতীৰ দাঁতকেইটাৰ ওজন প্ৰায় ১৬.৮৫ কেজি।

গ্ৰেপ্তাৰ কৰা তিনিটা চোৰাং চিকাৰীৰ ভিতৰত এজন অভিযান কালত গুৰুতৰ ভাবে আহত হৈছে। আৰু বৰ্তমান চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। অন্য দুজনক কোৰ্টত হাজিৰ কৰোৱা হৈছে।

গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা দা, তৰোৱাল জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা লোককেইজন নাম- নৱেশ্বৰ বসুমতাৰী, ৰামেশ্বৰ বসুমতাৰী, মুৰ্জা নাৰ্জাৰী বুলি জানিব পৰা গৈছে। আনহাতে অভিযান কালত চাৰিটা চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয়।
Published by: Himangshu Bhuyan
First published: November 13, 2020, 7:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি