বন্ধ হ’বনে পুনৰুজ্জীৱিত হ’ব নগাঁও আৰু কাছাৰ কাগজ কল – ১৪ ছেপ্টেম্বৰত হ’ব স্পষ্ট!

News18 Assam | News18-Assam
Updated:September 1, 2020, 8:09 PM IST
বন্ধ হ’বনে পুনৰুজ্জীৱিত হ’ব নগাঁও আৰু কাছাৰ কাগজ কল – ১৪ ছেপ্টেম্বৰত হ’ব স্পষ্ট!
কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে  ৪১৪১ কোটি টকা বিনিয়োগ কৰা বুলি যোৱা বছৰ ৯ জুলাইত সংসদত লিখিতভাৱে জনাইছিল উদ্যোগ মন্ত্ৰীগৰাকীয়ে।

কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে  ৪১৪১ কোটি টকা বিনিয়োগ কৰা বুলি যোৱা বছৰ ৯ জুলাইত সংসদত লিখিতভাৱে জনাইছিল উদ্যোগ মন্ত্ৰীগৰাকীয়ে।

  • Share this:
কাছাৰ আৰু নগাঁও কাগজ কল দুটা পুনৰুজ্জীৱিত হ’ব নে চিৰদিনৰ বাবে বন্ধ হ’ব সেয়া অহা ১৪ ছেপ্টেম্বৰত নেচনেল কোম্পানী ল' ট্ৰিবিউলেনত স্পষ্ট হ’ব৷ ১৪ ছেপ্টেম্বৰচ ধাৰ্য কৰা আদালতৰ শুনানীত যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইতিবাচক পৰিকল্পনা দাখিল নকৰে তেন্তে সিদিনাৰ পৰাই চিৰদিনৰ বাবে বন্ধ হৈ যাব পাৰে কাগজ কল দুটা৷ এই আশংকা ব্যক্ত কৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ জইন একচন কমিটী অফ ৰিকগনাইজ ইউনিয়নে৷

শিলচৰত আয়োজিত এক সংবাদমেলত ইউনিয়নৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে এই আশংকা প্ৰকাশ কৰি লগতে কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী অৰবিন্দ গণপট সাৱন্তে সংসদত লিখিতভাৱে দাখিল কৰা ৪১৪১ কোটি টকাৰ প্ৰসংগও উত্থাপন কৰে৷

কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে  ৪১৪১ কোটি টকা বিনিয়োগ কৰা বুলি যোৱা বছৰ ৯ জুলাইত সংসদত লিখিতভাৱে জনাইছিল উদ্যোগ মন্ত্ৰীগৰাকীয়ে। যদি ৪১৪১ কোটি টকা বিনিয়োগ কৰা হৈছিল, তেন্তে এই বুজন পৰিমাণৰ ধনৰাশি ক’লৈ গ'ল আৰু কিয় উদ্যোগ দুটা বন্ধ হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে৷

এই ৪১৪১ কোটি টকা কোনে ক'ত আত্মসাৎ কৰিলে বুলি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ক এই ধনৰাশিৰ তথ্য অসমবাসীৰ আগত দাঙি ধৰিবলৈ প্ৰত্যাহ্বান জনায় মানবেন্দ্ৰ চক্ৰৱৰ্তীয়েl
Published by: Sanjay Kumar Das
First published: September 1, 2020, 8:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি