ৰাজ্যত শিপাইছে বহিঃৰাজ্যৰ ভাড়াতীয়া পৰীক্ষাৰ্থীৰ বৃহৎ চক্ৰঃ যোৰহাটত আটক পৰীক্ষা দিবলৈ অহা হাৰিয়ানাৰ তিনি যুৱক

Source-Google
JEE পৰীক্ষাত ভাড়াতীয়া পৰীক্ষাৰ্থীৰ জৰিয়তে শীৰ্ষ আসন দখল কৰা নীল নক্ষত্ৰ দাসৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই যোৰহাটত পোহৰলৈ আহিছে ভাড়াতীয়া পৰীক্ষাৰ্থীৰ আন এক ঘটনা।
- News18 Assam
- Last Updated: December 6, 2020, 7:55 PM IST
JEE পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা গুৱাহাটীৰ নীল নক্ষত্ৰ দাসৰ হৈ ধনৰ বিনিময়ত পৰীক্ষা দিয়া প্ৰদীপ কুমাৰ নামৰ পেচাদাৰী যুৱকজনক কেইদিনমান পূৰ্বে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ পিছতে পোহৰলৈ আহিছিল ধনৰ বিনিময়ত ভুৱা পৰীক্ষাৰ্থী যোগান ধৰা এক বৃহৎ চক্ৰৰ তথ্য। এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই দেওবাৰে যোৰহাটত আটক হ’ল হাৰিয়ানাৰ জিন জিলাৰ তিনিজন যুৱক।
যোৰহাটত দেওবাৰে বেলেগৰ নামত পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনিগৰাকী ভুৱা পৰীক্ষাৰ্থী। দেওবাৰে যোৰহাটৰ চৰকাৰী বহুমুখী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হৈছিল বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ মাল্টি টাস্কিঙ ষ্টাফৰ নিযুক্তিৰ লিখিত পৰীক্ষা। হাৰিয়ানৰ অনিল নামৰ এজন যুৱকৰ হৈ পৰীক্ষা দিবলৈ আহি চৰন সিং নামৰ যুৱকজন যোৰহাটৰ পৰীক্ষা কেন্দ্ৰত ধৰা পৰে।
চৰণ সিঙক কৰায়ত্ত কৰাৰ পিছতেই আৰক্ষীয়ে আন দুটা সন্দেহজনক ভুৱা পৰীক্ষাৰ্থীকো কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত পৰীক্ষাৰ্থী দুটাৰ এটাই দীপক নামৰ যুৱকজনৰ হৈ পৰীক্ষা দিছিল। ধৃত আনজন যুৱকৰ নাম পৰ্ভিদ বুলি জানিব পৰা গৈছে যদিও প্ৰকৃত পৰিচয়সমূহ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হব।
" তেওঁলোকে মুখত মাস্ক পিন্ধি থকাৰ বাবে চিনাক্তকৰণত কিছু সমস্যা হ’ল। পৰীক্ষাত মোবাইল ফোন ব্যৱহাৰ কৰি ধৰা পৰাৰ পিছতহে পোহৰলৈ আহে যে এইজন এজন ভাড়াতীয়া পৰীক্ষাৰ্থী। তাৰ পিছত জানিব পাৰো যে, বহি:ৰাজ্যৰ পৰা অহা এই ভাড়াতীয়া পৰীক্ষাৰ্থীসকলৰ এটা বৃহৎ গোট আছে। এজনৰ লগত তেওৰ পত্নীও আহিছে।মহিলাগৰাকীয়েই সকলো তদাৰক কৰে। ",পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ ৰাজীৱ কুমাৰ কলিতাই এনেদৰে কয়।
উল্লেখ্য যে, যোৰহাটৰ মুঠ ৪ টা চেণ্টাৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। আনহাতে আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, মুঠ ১২ জন এনে ভুৱা পৰীক্ষাৰ্থীয়ে যোৰহাটত পৰীক্ষা দিয়াৰ সন্দেহ কৰি সেইসকলৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰা হৈছে । অৱশ্যে আৰক্ষীৰ তদন্ততৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব ।