নিযুক্তি পৰীক্ষাত কেলেংকাৰিৰ সন্দেহ কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ মাতৃয়ে আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে তেওঁ এতিয়াও ন্যায়ৰ অপেক্ষাত আছে। মাতৃয়ে লগতে প্ৰকাশ কৰে যে ভিক্টৰৰ ন্যায়ৰ বাবে ছাত্ৰ–ছাত্ৰীসকল ওলাই আহিব নালাগে, ঘৰৰ পৰাই আশীৰ্বাদ কৰক ভিক্টৰক৷
ভিক্টৰৰ মাতৃয়ে কয়– নিজৰ স্থিতিত অটল ভিক্টৰ। ভিক্টৰৰ বিৰুদ্ধে লগোৱা ধাৰা প্ৰযোজ্য নহয়৷ নিজৰ স্থিতিৰ পৰা বিচলিত হোৱা নাই ভিক্টৰ৷ দালাল নাই যদি কেনেকৈ আৰক্ষীৰ জালত পৰিল ৭ দালাল? ২০২১ চনৰ পৰা টেট শিক্ষক হিচাপে আছে ভিক্টৰ৷ ভিক্টৰৰ নিজৰ শিক্ষা প্ৰতিষ্ঠান নহয়, টিউটৰ হিচাপেহে কাম কৰিছিল৷ ভিক্টৰ জে'লত গ'লে ময়ো লগত যাব লাগিব৷''
দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা ভিক্টৰৰ পিতৃৰ প্ৰসংগতো তেওঁ উল্লেখ কৰে– ''ভিক্টৰৰ পিতৃৰ হত্যাকাণ্ডৰ এশ শতাংশ ন্যায়ৰ আশাত আজিও আছোঁ।৮জনীয়া এটা দলে ৰে'লৱে বিভাগৰ পেপাৰ স্কেমত জড়িত আছিল৷ ভিক্টৰৰ পিতৃয়ে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল, যাৰ বাবে হত্যাৰ বলি হ'ল। ঘৰৰ পৰা ফোন কৰি মাতি নি হত্যা কৰিছিল ভিক্টৰৰ পিতৃক৷ চৰকাৰে পৰীক্ষা পতাক লৈ আমাৰ কোনো সন্দেহ নাই৷ কিন্তু ভিক্টৰে মিছা কোৱা নাই৷''
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|