‘উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত নিযুক্তি কেলেংকাৰী, চলিছে শিক্ষা সংসদক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ’- অধ্যক্ষৰ বিস্ফোৰণ

News18 Assam | News18-Assam
Updated:November 28, 2020, 9:37 AM IST
‘উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত নিযুক্তি কেলেংকাৰী, চলিছে শিক্ষা সংসদক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ’- অধ্যক্ষৰ বিস্ফোৰণ
শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি বহু বিস্ফোৰক মন্তব্য অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইৰ

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি বহু বিস্ফোৰক মন্তব্য অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইৰ

  • Share this:
‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত হৈ যোৱা ৩১ টা কনিষ্ঠ সহায়ক পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্নীতি। চলিছে শিক্ষা সংসদক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ’- এই অভিযোগ আনিছে খোদ সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইয়ে।

শুকুৰবাৰে শিক্ষা সংসদৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি অধ্যক্ষগৰাকীয়ে কয় যে, ‘পূৰ্বতে পৰীক্ষা বিভ্ৰান্তি হৈছিল যদিও বিগত তিনি বছৰত কোনো ধৰণৰ বেমেজালি হোৱা নাই সংসদত।’ প্ৰাক্তন সচিব মনোৰঞ্জন কাকতিৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আনি অধ্যক্ষ দয়ানন্দ বুঢ়াগোহাঁইয়ে লগতে কয় যে, কাউঞ্চিল খনক বিপদত পেলোৱাৰ চক্ৰান্ত এক বিশেষ গোটৰ। ছেবাৰ পৰ্টেলৰ পৰা আৰম্ভ হৈছে প্ৰথম বেমেজালি। এটা গোটে চক্ৰান্ত কৰি স্কুটি পাব লগীয়া ছাত্ৰীৰ তালিকা ৰাজহুৱা কৰিব বিচাৰিছিল চেবাৰ পৰ্টেলত।’

যোৱা বছৰ হৈ যোৱা শিক্ষা সংসদৰ ৩১টা কনিষ্ঠ সহায়ক পদৰ নিযুক্তিত চৰম বেমেজালি হোৱাৰ অভিযোগ আনি অধ্যক্ষগৰাকীয়ে কয় যে, ‘জামাৰৰ সহায়ত অনুষ্ঠিত কৰা প্ৰথম পৰীক্ষাত বেমেজালিৰ অভিযোগ দিছিল দুষ্ট চক্ৰই। পাণ্ডু কলেজৰ এখন OMRত চহী কৰা নাছিল। ভাইভা পৰীক্ষাৰ নম্বৰলৈও সৃষ্টি হৈছিল বিতৰ্ক।’

অধ্যক্ষগৰাকী সদস্য সচিব আৰ চি জৈনৰ বিৰুদ্ধেও সৰব হ’ল সংবাদমেলত। এই সন্দৰ্ভত ড০ দয়ানন্দ বৰগোহাঁইয়ে কয় যে, ‘ন্যায়ালয়ে সিদ্ধান্ত ল’ব পৰৱৰ্তী পৰীক্ষা সন্দৰ্ভত। পাণ্ডু কলেজ সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া। কিছু ক্ষেত্ৰত চৰকাৰৰো ভুল আছে।  খালী হৈ থকা পদৰ নিযুক্তি সন্দৰ্ভত বেমেজালি সংসদৰ লোকৰ সলনি বেলেগৰ হতুৱাই অনুসন্ধান কৰা হেতেন প্ৰকৃত সত্য পোহৰলৈ আহিল হেতেন।’

ইফালে অধ্যক্ষগৰাকীয়ে মানি নলয় বৰ্তমানৰ ৰিপৰ্ট। শেষসময় পৰ্যন্ত সংসদৰ হিতৰ বাবে যুঁজি যাব বুলি মন্তব্য কৰে অধ্যক্ষ ড০ বৰগোহাঁইয়ে।পৰৱৰ্তী সময়ত দৰকাৰ হলে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে দয়ানন্দ বৰগোহাঁইয়ে।
Published by: Himangshu Bhuyan
First published: November 28, 2020, 9:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি