உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Job Mela: নিয়োগ মেলাৰ নামত ৰাজ্যৰ শিক্ষিত নিবনুৱাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ, চৌদিশে বেমেজালি, BIODATA সোমালগৈ ডাষ্টবিনত

    Job Mela: নিয়োগ মেলাৰ নামত ৰাজ্যৰ শিক্ষিত নিবনুৱাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ, চৌদিশে বেমেজালি, BIODATA সোমালগৈ ডাষ্টবিনত

    ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিয়োগ মেলাৰ নামত ব্যাপক খেলিমেলি।

    ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিয়োগ মেলাৰ নামত ব্যাপক খেলিমেলি।

    ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিয়োগ মেলাৰ নামত ব্যাপক খেলিমেলি।

    • Share this:
    ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিয়োগ মেলাৰ নামত ব্যাপক খেলিমেলি। শিক্ষিত নিবনুৱাক চৰকাৰে নিয়োগ মেলাৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ। চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনত বিসংগতি থকাৰ অভিযোগ কৰিলে শিক্ষিত নিবনুৱাসকলে।



    বুধবাৰে শাসকীয় দলৰ প্ৰায় প্ৰতিগৰাকী মন্ত্ৰী, বিধায়কে ছচিয়েল মিডিয়াৰ জৰিয়তে নিয়োগ মেলাৰ কথা শ্বেয়াৰ কৰিছিল। আৰু চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি পুৱাৰ পৰাই নিয়োগ মেলা অনুষ্ঠিত হোৱা প্ৰতিটো কেন্দ্ৰত ব্যাপক ভিৰ কৰিছিল ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই।



    নিবনুৱাসকলৰ অভিযোগ- বিজ্ঞাপনত উল্লেখ নাছিল চাকৰি প্ৰদান কৰিবলগীয়া প্ৰতিষ্ঠানৰ নাম।  নাছিল কোনো পদৰ তালিকা। চৰকাৰী বিভাগ নে ব্যক্তিগত প্ৰতিষ্ঠানে চাকৰি প্ৰদান কৰিব আনকি সেয়াও স্পষ্টকৈ উল্লেখ নাছিল।



    বিজ্ঞাপনত উল্লেখ কৰা মতে, নিবনুৱাসকলক দুখন বায়ডাটা লগত লৈ আহিবলৈ কোৱা হৈছিল। কিন্তু বহু প্ৰতিষ্ঠানে নিবনুৱাসকলৰ বায়়ডাটা ফিল্ডতে পেলাই থৈ যায়। বহুতে আকৌ পেলাই দিয়ে ডাষ্টবিনত। যিবোৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। চৰকাৰে এনেদৰে বিসংগতিপূৰ্ণ ভাবে নিয়োগ মেলা অনুষ্ঠিত কৰাত ক্ষোভিত হৈ পৰিছে চাকৰি লাভৰ বাবে পুৱাৰ পৰা শাৰী পতা ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: