মুখ্যপৃষ্ঠা »খবৰ »অসম »যশস্বী কবি নীলমণি ফুকনৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ

যশস্বী কবি নীলমণি ফুকনৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ

কাব্যঋষি নীলমণি ফুকনৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে

  • Share this:
জ্ঞানপীঠ বঁটা বিজয়ী যশস্বী কবি নীলমণি ফুকনৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ৷ তেওঁৰ দেহাৱসানৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক যিসকল মহাত্মাই ধন্য কৰি গৈছে তাৰে অন্যতম উজ্জ্বল নক্ষত্ৰ আছিল কাব্যঋষি নীলমণি ফুকনদেৱ। অসাধাৰণ কাব্যশিল্পৰ জৰিয়তে বিশিষ্ট কবি গৰাকীয়ে অসমীয়া সাহিত্যৰ জগতলৈ যি অনন্য অৱদান আগবঢ়াই গৈছে সেয়া চিৰস্মৰণীয় হৈ থাকিব।’’

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, জ্ঞানপীঠ বঁটাৰে বিভূষিত ফুকনদেৱে অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ লগতে সৃষ্টিশীলতাৰ অনন্য পৰিভাষা জাতিটোলৈ আগবঢ়াই গ'ল। তেখেতৰ বিয়োগ অসম আৰু অসমীয়া জাতিসত্তাৰ বাবে কাহানিও পূৰণ কৰিব নোৱৰা ক্ষতি। মুখ্যমন্ত্ৰীয়ে বিশিষ্ট কবি গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ কাব্যঋষি নীলমণি ফুকনৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷

শেহতীয়া বাতৰি