• Home
  • »
  • News
  • »
  • assam
  • »
  • এবছৰত আঢ়ৈ লাখ ছেম্পলৰ আৰটিপিচিআৰ পৰীক্ষাৰ ফলাফল দিলে JMCHৰ ভিআৰডিএল লেবৰেটৰীয়ে

এবছৰত আঢ়ৈ লাখ ছেম্পলৰ আৰটিপিচিআৰ পৰীক্ষাৰ ফলাফল দিলে JMCHৰ ভিআৰডিএল লেবৰেটৰীয়ে

যোৱা বছৰ জুন মাহত জেএমচিএইচত স্থাপন কৰা লেবটোৱে অহৰ্নিশে সেৱা আগবঢ়াই আহিছে।

যোৱা বছৰ জুন মাহত জেএমচিএইচত স্থাপন কৰা লেবটোৱে অহৰ্নিশে সেৱা আগবঢ়াই আহিছে।

যোৱা বছৰ জুন মাহত জেএমচিএইচত স্থাপন কৰা লেবটোৱে অহৰ্নিশে সেৱা আগবঢ়াই আহিছে।

  • Share this:

যোৰহাট চিকিৎসা মহাবিদ্যালয়স্থিত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়েগ্ন'ষ্টিক লেবত এবছৰৰ ভিতৰত আঢ়ৈ লাখ RTPCR পৰীক্ষা সম্পন্ন কৰি কোভিড–১৯ পৰিস্থিতিৰ সময়ছোৱাত ৰাজ্যৰ ভিতৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কোভিডে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰা সময়ৰে পৰা উজনি অসমৰ ভিতৰতে জেএমচিএইচৰ ভিআৰডিএল লেবৰেটৰীটোৱে কোভিড আক্ৰান্তসকলৰ সহায়ৰ বাবে দৈনিক সহস্ৰাধিক পৰীক্ষা সম্পন্ন কৰি বিশেষ সহায় আগবঢ়াই আহিছে।


এই লেবৰেটৰীটোত যোৰহাট, মাজুলী, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰা প্ৰেৰণ কৰা আৰটিপিচিআৰ পৰীক্ষাৰ নমুনাসমূহ পৰীক্ষা কৰা হয়। আনহাতে নগাঁও জিলাৰ পৰাও ইয়ালৈ মাজতে বহু নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। জেএমচিএইচত ভৰ্তি হোৱা কোভিড আক্ৰান্তসকলৰ বাবে ২৪ ঘন্টাৰ ভিতৰতে আৰটিপিচিআৰ পৰীক্ষাৰ ফলাফল প্ৰদান কৰে এই লেবৰেটৰীটোৱে। ইয়াৰ বাবে ২৪ ঘন্টাই কাম চলি থাকে এই লেবৰেটৰীত।


"যোৱা বছৰ জুন মাহত জেএমচিএইচত এই লেবটো খোলা হৈছিল। তাৰ পিছৰে পৰা অহৰ্নিশে সেৱা আগবঢ়াই আহি এবছৰৰ ভিতৰত আমি আঢ়ৈ লাখ ছেম্পলৰ আৰটিপিচিআৰ ৰিপ'ৰ্ট দিবলৈ সক্ষম হৈছোঁ। দিনে-নিশাই এই লেবৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই অহা লোকসকলক মই কৃতজ্ঞতা জনাইছোঁ।" জেএমচিএইচৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই এনেদৰে কয়।


২০২০ বৰ্ষৰ জুন মাহত কোভিডজনিত পৰিস্থিতিত স্থাপন কৰা এই লেবৰেটৰীটোৱে এবছৰৰ ভিতৰতে দুই লাখ পঞ্চাশ হাজাৰ আৰটিপিচিআৰ টেষ্ট সম্পন্ন কৰাটোৱে সকলোৰে মনত আশাৰ সঞ্চাৰ কৰিছে ।


জেএমচিএইচৰ মাইক্ৰ'বায়'লজী বিভাগৰ অধীনত থকা এই ভিআৰডিএল লেবটোত ১৪গৰাকী লেব এচিছটেন্ট, ৰিছাৰ্চ ছায়েন্টিষ্ট , ৰিছাৰ্চ এছ'চিয়েট, ডাটা এন্ট্ৰি অপাৰেটৰ তথা মাইক্ৰ'বায়'লজী বিভাগৰ ফেকাল্টিসকলৰ সৈতে প্ৰায় ৩৫গৰাকী ব্যক্তি জড়িত হৈ আছে। বিগত এটা বছৰত দিনে-নিশাই ২৪ ঘন্টাই খোলা থাকি জনসাধাৰণলৈ সেৱা আগবঢ়াই অহা এই লেবৰেটৰীটোৰে জড়িত লোকসকলৰ শলাগ লৈছে জনসাধাৰণে।

Published by:Gautam Barman
First published: