নাক কটা যোৱাৰ পৰা কোনোমতে ৰক্ষা! এটা মৃতদেহে লটি–ঘটি কৰিলে বিয়াগোম স্বাস্থ্য বিভাগৰ...

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:00 PM IST
নাক কটা যোৱাৰ পৰা কোনোমতে ৰক্ষা! এটা মৃতদেহে লটি–ঘটি কৰিলে বিয়াগোম স্বাস্থ্য বিভাগৰ...
কেতিয়া শিক্ষা ল’ব JMCH-এ।

কেতিয়া শিক্ষা ল’ব JMCH-এ।

  • Share this:
এটা মৃতদেহে উদঙালে অসমৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। ৰাজ্যৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপন কৰাৰ কথা চৰকাৰে ঘোষণা কৰিলেও বৰ্তমানৰ মেডিকেল কলেজসমূহক লৈ চৰকাৰৰ দায়বদ্ধতা কিমান তাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে। কাৰণটো জানিলে আপুনি আচৰিত নহৈ নোৱাৰে । যোৰহাটৰ দৰে জিলা এখনত মেডিকেল কলেজৰ মৰ্গত মৃতদেহ এটা সংৰক্ষণ কৰি থোৱাৰ ব্যৱস্থা নাই। এই কথা পোহৰলৈ আহে  যোৱা শুকুৰবাৰে যোৰহাটত মৃত্যু হোৱা এজন বৃটিছ পৰ্যটকৰ মৃত্যুৰ পিছত। বিদেশী নাগৰিকজনৰ স্বগৃহৰ মানুহ আহি নোপোৱা পৰ্যন্ত মৃতদেহটো সংৰক্ষণ কৰিবলৈ লৈ শীত–তাপ নিয়ন্ত্ৰিত কেবিনেট  বিকল হৈ থকাৰ কাৰণে বিমোৰত পৰে যোৰহাট জিলা প্ৰশাসন । দৰাচলতে JMCH ৰ মৰ্গৰ মৰেট্যুৰি কেবিনেটত শীত–তাপ নিয়ন্ত্ৰিত ব্যৱস্থাৰে ১২ টা মৃতদেহ সংৰক্ষণৰ ব্যৱস্থা আছে। কিন্তু JMCH ৰ এই কেবিনেটটো দীৰ্ঘদিন ধৰি বিকল হৈ আছে । আশীৰ উৰ্ধৰ ব্ৰিটিছ পৰ্যটক এলচটাৰ নীল মেকডনাল্ডৰ যোৱা শুকুৰবাৰে অসমৰ পৰ্যটন বিভাগৰ মহাবাহু নামৰ জাহাজখনৰ ভিতৰতে নিমাতীঘাটত মৃত্যু হৈছিল । মৃত ব্যক্তিজন বিদেশৰ হোৱা বাবে দুখন ৰাষ্ট্ৰৰ নীতি-নিয়মৰ মাজেৰে মৰণোত্তৰৰ সমগ্ৰ প্ৰক্ৰিয়া সমাপন কৰিবলৈ যাওঁতে মৃতদেহটো সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা দেখা দিয়ে। চৰকাৰী ব্যৱস্থা নথকাত অৱশেষত তৰাজান শ্মশানত থকা এটা মৰিট্যুৰি চেম্বাৰ JMCHৰ মৰ্গলৈ নি তাতে মৃতদেহটো সংৰক্ষণৰ ব্যৱস্থা কৰে যোৰহাট জিলা প্ৰশাসনে । মৃত ব্যক্তিজনৰ আত্মীয়লৈ বৃটিছ এম্বেছিৰ জৰিয়তে খবৰ দিয়া হৈছে যদিও বৰ্তমানলৈকে কোনো লোক অহাৰ খবৰ লাভ কৰা নাই জিলা প্ৰশাসনে। যিয়েই নহওক , যোৰহাটৰ এখন শ্মশানৰ এটা মৰিট্যুৰি চেম্বাৰে যেনিবা শেষত বিদেশত লজ্জানত হোৱাৰ পৰা সকলোকে উদ্ধাৰ কৰিলে ।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি