• Home
  • »
  • News
  • »
  • assam
  • »
  • JMCH: চিকিৎসকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে JMCHৰ এটা গুৰুত্বপূৰ্ণ বিভাগ

JMCH: চিকিৎসকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে JMCHৰ এটা গুৰুত্বপূৰ্ণ বিভাগ

JMCH: ইজনৰ পিছত সিজন চিকিৎসকে চাকৰি এৰি গুচি গৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা।

JMCH: ইজনৰ পিছত সিজন চিকিৎসকে চাকৰি এৰি গুচি গৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা।

JMCH: ইজনৰ পিছত সিজন চিকিৎসকে চাকৰি এৰি গুচি গৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা।

  • Share this:
চিকিৎসকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ । ইজনৰ পিছত সিজন চিকিৎসকে চাকৰিৰ পৰা ইস্তাফা দি গুছি গৈছে JMCHৰ পৰা । বৰ্তমান বহুতৰে মনত প্ৰশ্ন হৈছে যে চিকিৎসকৰ অভাৱত তলা ওলমিব নেকি JMCH ৰ নিউৰ'চাৰ্জাৰি বিভাগত !

যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ ৰূপে পৰিগণিত নিউৰ'চাৰ্জাৰি (Neuro Surgery) বিভাগ । চিকিৎসকৰ অভাৱত তলা ওলোমাৰ দিশে আগবাঢ়িছে JMCHৰ নিউৰ'চাৰ্জাৰি বিভাগটো । কাৰণ আজিৰ তাৰিখত বিভাগটোত নাই এজনো বিশেষজ্ঞ চিকিৎসক । ইজনৰ পিছত সিজন বিশেষজ্ঞ চিকিৎসকে চাকৰি এৰি গুচি যোৱাত বৰ্তমান JMCHৰ নিউৰ'চাৰ্জাৰি বিভাগত উপযুক্ত চিকিৎসা সেৱা লাভ নকৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যোৰহাট তথা ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহৰ ৰোগীসকলৰ ।

১২-১৩ কোটি টকা ব্যয় সাপেক্ষে তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ষ্টেট অৱ দা আৰ্ট সুবিধাৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অত্যাধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰেৰে দুগৰাকী নিউৰ'চাৰ্জনক লৈ আৰম্ভ কৰা হৈছিল এই বিশেষ বিভাগটো । অসমৰ বাহিৰলৈ নোযোৱাকৈ অতি কম ব্যয়ত বহু লোকে উন্নত চিকিৎসাসেৱা লাভ কৰি আহিছিল এই বিভাগটোত । কিন্তু বিশেষজ্ঞ চিকিৎসক ডা: সত্যজিৎ ৰাভাৰ পিছত শেহতীয়াকৈ ডাঃ অমৃত শইকীয়াই চাকৰিৰ পৰা পদত্যাগ কৰি গুচি যোৱাত বৰ্তমান চিকিৎসকৰ অভাৱত সকলো সুবিধা থাকিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে ৰোগীসকল ।

JMCH কৰ্তৃপক্ষই ইতিমধ্যে এই বিভাগটোত বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিবলৈ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে । নতুনকৈ চিকিৎসক নিযুক্তি দিলেই বিভাগটো পুনৰ পূৰ্বৰ দৰে সচল হৈ পৰিব বুলি জানিবলৈ দিছে JMCHৰ অধ্যক্ষগৰাকীয়ে । উল্লেখ্য, JMCHৰ নিউৰ'চাৰ্জাৰি বিভাগত থকা সুবিধাসমূহ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম ।

"বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে আমাৰ নিউৰ'চাৰ্জাৰি বিভাগটো একপ্ৰকাৰ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে । দুয়োগৰাকী বিশেষজ্ঞ চিকিৎসকে ৰিজাইন দি গুচি যোৱাত বৰ্তমান বিভাগটোত স্পেছিয়েলিষ্ট নিউৰ'চাৰ্জন কোনো নাই । চাৰ্জাৰি বিভাগৰ সহযোগী অধ্যাপক ৰাজীব ৰংপিয়ে বৰ্তমান ৰোগীৰ প্ৰাথমিক সমস্যাসমূহৰ চিকিৎসা চলাই আছে । কিন্তু আমি এতিয়া বিভাগটোত অস্ত্ৰোপচাৰ কৰিব পৰা অৱস্থাত নাই । আমি চৰকাৰক এই সন্দৰ্ভত জনাইছোঁ। নতুন চিকিৎসক নিযুক্তি দিলেই বিভাগটো পুনৰ পূৰ্বৰ দৰে সচল হৈ পৰিব । JMCHৰ এই বিভাগটো ষ্টেট অৱ দা আৰ্ট ফেচিলেটিৰে নিৰ্মাণ কৰা হৈছিল।" জেএমচিএইছৰ অধ্যক্ষ ডা : ৰত্নকান্ত তালুকদাৰে এনেদৰে কয় ।

আনহাতে এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সোধাত তেও কয় যে এই সন্দৰ্ভত তেও জ্ঞাত আৰু এতিয়া বিভাগটোৰ বাবে নতুন বিশেষজ্ঞ চিকিৎসক বিচাৰিব লাগিব । উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ত ড: হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাতে জেএমচিএইছত অত্যাধুনিক প্ৰযুক্তি-কৌশল ব্যৱহাৰ কৰি নিউৰ'চাৰ্জাৰি বিভাগটো মুকলি কৰা হৈছিল ।

কেৱল এয়াই নহয় JMCH ৰ আন একাংশ ক্লিনিকেল বিভাগৰ চিকিৎসকেও চাকৰিৰ পৰা ইস্তাফা দিবলৈ আৱেদন জনোৱা বুলি জানিব পৰা গৈছে । চিকিৎসকৰ চাকৰিৰ পৰা পদত্যাগ কৰা এই প্ৰৱণতাৰ অন্তৰালৰ কাৰণসমূহ বিশ্লেষণ কৰি এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাটো বৰ্তমান অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে । অন্যথা ইয়াৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হব সাধাৰণ ৰোগীসকল ।
Published by:Manjumoni Borah
First published: