JMCHৰ নিউৰ'চাৰ্জাৰি বিভাগৰ সহকাৰী অধ্যাপক ডাঃ অমৃত কুমাৰ শইকীয়াই শেহতীয়াকৈ পদত্যাগ পত্ৰ দাখিল কৰা ঘটনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।কিছুদিন পূৰ্বে বিভাগটোৰ আন এজন সহকাৰী অধ্যাপক ডাঃ সত্যজিৎ ৰাভাইয়ো পদত্যাগ কৰিছিল চাকৰিৰ পৰা। উল্লেখ্য যে, JMCHৰ নিউৰ'চাৰ্জাৰি বিভাগটোত এই দুজনেই চিকিৎসক আছিল। সামান্য চিকিৎসক-কৰ্মচাৰীৰে চলি থকা এই বিভাগটোৰ পৰা যোৰহাট তথা উজনি অসমৰ এক বৃহৎ অঞ্চলৰ লোক উপকৃত হৈছিল। মগজু তথা নাৰ্ভৰ জটিল সমস্যাত ভোগা বহু ৰোগীয়ে সকাহ লাভ কৰি আহিছিল JMCHৰ এই বিভাগটোৰ পৰা। দুৰ্ঘটনাত মূৰত আঘাত পোৱা বহু লোক মৃত্যুমুখৰ পৰা উভতি আহিছিল এই বিভাগটোৰ চিকিৎসকৰ তৎপৰতাত । কিন্তু এনে এটা গুৰুত্বপূৰ্ণ বিভাগৰ দুয়োজন জ্যেষ্ঠ চিকিৎসকে অগা-পিছাকৈ কিয় চাকৰিৰ পৰা পদত্যাগ কৰিব লগা হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত অৱশ্যে কোনো পক্ষই সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰাৰ পৰা বিৰত আছে। JMCHৰ উৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, পদত্যাগৰ সমগ্ৰ বিষয়টো ইতিমধ্যে স্বাস্থ্য বিভাগক অৱগত কৰা হৈছে ।
উল্লেখ্য , তদানীন্তন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত এই দুইগৰাকী চিকিৎসককলৈ দহ কোটি টকাতকৈয়ো অধিক ব্যয় সাপেক্ষে অত্যাধুনিক চিকিৎসা সজুলিৰে JMCHত নিউৰ'চাৰ্জাৰি বিভাগটো আৰম্ভ কৰা হৈছিল। এই বিভাগৰ পৰা লাভ কৰা চিকিৎসাৰ দ্বাৰা বহু লোক উপকৃত হোৱাৰ লগতে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বিভাগটোৰ দুয়োগৰাকী চিকিৎসকে পদত্যাগ কৰা ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে বহুতকে।
উল্লেখ্য , ডা: অমৃত শইকীয়াই পদত্যাগ পত্ৰ দাখিল কৰা দিনটোলৈকে বিভাগটোত অস্ত্ৰোপচাৰ সম্পন্ন হৈ আছিল। এই ঘটনা সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।