হিমন্ত বিশ্ব, জয়ন্ত মল্ল ডাঙৰ শত্ৰু! মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰলৈ JMBৰ ভাবুকি পত্ৰ, তিনিওকে হত্যাৰ ভাবুকি

News18 Assam | News18-Assam
Updated:February 4, 2020, 11:27 AM IST
হিমন্ত বিশ্ব, জয়ন্ত মল্ল ডাঙৰ শত্ৰু! মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰলৈ JMBৰ ভাবুকি পত্ৰ, তিনিওকে হত্যাৰ ভাবুকি
সৰভোগ আৰক্ষী থানাত গোচৰ ৷

সৰভোগ আৰক্ষী থানাত গোচৰ ৷

  • Share this:
মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পূত্ৰ অপূৰ্ব অধিকাৰীক ইছলামিক জেহাদী সংগঠন জে এম বিৰ ভাবুকি পত্ৰ ৷ পত্ৰত হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাকো ইছলামৰ চিৰ শত্ৰু ঘোষনা ৷ বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পূত্ৰ অপূৰ্ব অধিকাৰীক ইছলামিক জেহাদী সংগঠন জেএমবিৰ ভাবুকি পত্ৰ প্ৰদান কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানুৱাৰী মাহৰ ৫ তাৰিখে মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ বাসভৱনৰ গেটত এই ভাবুকি পত্ৰ দি থৈ যোৱা হৈছিল৷ পত্ৰখন লাভ কৰাৰ দুদিন পাছত মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীয়ে পত্ৰখন খুলি চোৱাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক হত্যাৰ ভাবুকি দিয়া বুলি প্ৰত্যক্ষ কৰে৷ লগতে হিমন্তবিশ্ব শৰ্মা, জয়ন্তমল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীক ইছলামৰ চিৰ শত্ৰু বুলি অভিহিত কৰিছে ৷ এই পত্ৰখন গোপন ৰাখিবলৈ কোৱা উল্লেখ আছে ৷ সত্ৰৰ সত্ৰাধিকাৰৰ ভতিজা ছোৱালীক অপহৰণ কৰা হোৱা নাছিল প্ৰেমৰ বাবেহে পলুৱাই নিয়া হৈছিল বুলিও পত্ৰখনত উল্লেখ আছে ৷ এই ঘটনা সম্পৰ্কত মইনবড়ী সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰীয়ে জানুৱাৰী মাহৰ ১৯ তাৰিখে সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
উল্লেখ্য যে CAA বিৰোধী আন্দোলন চলি থকাৰ সময়ত যোৱা ৫ জানুৱাৰীত প্ৰদান কৰা এই পত্ৰখনে ৰহস্যৰ সৃষ্টি কৰিছে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি