গুৱাহাটী পালেহি নিৰোদ শৰ্মাৰ নশ্বৰদেহ। বৰঝাৰ বিমানবন্দৰত মৃতদেহ কঢ়িওৱা বাহনৰ অৱতৰণ। বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল অসম বীৰ–পুত্ৰ।
![]()
সন্ত্ৰাসবাদীৰ আক্ৰমণত CRPFৰ ৫ জোৱান শ্বহীদ হোৱাৰ লগতে আহত হৈছিল ৪জন।বিমানবন্দৰতউপস্থিত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। কিছুসময়ৰ পিছতে স্ব–গৃহলৈ লৈ যোৱা হ’ব জোৱানজনৰ নশ্বৰদেহ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|