মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: নলবাৰীত জিলা পানী আৰু অনাময় আঁচনিৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

Nalbari News: নলবাৰীত জিলা পানী আৰু অনাময় আঁচনিৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

JJM Training Aganbadi worker

JJM Training Aganbadi worker

নলবাৰীত জিলা পানী আৰু অনাময় আঁচনিৰ উদ্যোগত অংগনৱাড়ী কৰ্মীৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৷

  • Share this:
নলবাৰী, ২৫ মে: নলবাৰী জিলা পানী আৰু অনাময় আঁচনিৰ উদ্যোগত আজিৰে পৰা নলবাৰী নাট্যমন্দিৰত দিনজোৰা কার্যসূচীৰে তিনি দিনীয়াকৈ অংগনাৱাড়ী কৰ্মী সকলৰ মাজত Running Water Stand-Alone schemeৰ সদব্যৱহাৰ আৰু পৰিচালনাৰ প্ৰশিক্ষণ আৰম্ভ হৈছে ৷

এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ জৰিয়তে অংগনৱাড়ী কৰ্মী সকলৰ মাজত জল জীৱন মিছনৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লগতে কেন্দ্ৰ সমুহত যোগান ধৰা RW Stand-alone scheme সমুহৰ সদব্যৱহাৰ তথা পৰিচালনা সম্পৰ্কত ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে ।

ইয়াৰ জৰিয়তে অংগনৱাড়ী কৰ্মী সকলে নিজ নিজ কেন্দ্ৰত ৰূপায়িত হৈ থকা RW Stand-alone scheme ৰ মালিকীস্বত্ত্ব নিজে ল'ব পাৰিব আৰু নিজৰ ঘৰৰ শিশুকে ধৰি অন্যান্য সকলোকে দীৰ্ঘদিনলৈকে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ সক্ষম হব আৰু ইয়াৰ জৰিয়তে পানীৰ পৰা সৃষ্টি হোৱা বহু ৰোগ হ্ৰাস পাব তথা শিশু সকলৰ সু-স্বাস্থ্যও সুনিশ্চিত হ'ব ।

মুঠ ১০৯৩ গৰাকী অংগনৱাড়ী কৰ্মীক সামৰি ল'ব লগীয়া এই প্ৰশিক্ষণ কার্যসুচীৰ আজি শুভাৰম্ভণি কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা অশোক দেৱ চৌধুৰীয়ে ৷

শেহতীয়া বাতৰি