মুখ্যপৃষ্ঠা »খবৰ »অসম »জীতেন্দ্ৰ সিঙৰ গুডবুকত APCCৰ কোন কোন নেতাৰ নাম? ৰাহুল গান্ধীক দিব প্ৰতিবেদন

জীতেন্দ্ৰ সিঙৰ গুডবুকত APCCৰ কোন কোন নেতাৰ নাম? ৰাহুল গান্ধীক দিব প্ৰতিবেদন

জীতেন্দ্ৰ সিঙৰ সাতদিনীয়া অসম ভ্ৰমণৰ বিষয়টোয়ে চিন্তিত কৰি তুলিছে শাসকীয় BJPক৷

জীতেন্দ্ৰ সিঙৰ সাতদিনীয়া অসম ভ্ৰমণৰ বিষয়টোয়ে চিন্তিত কৰি তুলিছে শাসকীয় BJPক৷

জীতেন্দ্ৰ সিঙৰ সাতদিনীয়া অসম ভ্ৰমণৰ বিষয়টোয়ে চিন্তিত কৰি তুলিছে শাসকীয় BJPক৷

  • Share this:
সাতদিনীয়া অসম ভ্ৰমণ কৰি দিল্লীলৈ উভতি যোৱা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং এতিয়া ব্যস্ত ৰিপ’ৰ্ট কাৰ্ড প্ৰস্তুত কৰাত৷ জীতেন্দ্ৰ সিঙৰ গুডবুকত কোন কোন? এই প্ৰশ্নই এতিয়া খুলি খুলি খাইছে একাংশ প্ৰদেশ কংগ্ৰেছৰ নেতাক৷ কাট খাব নেকি একাংশ নেতাৰ পাখি?

অসমৰ পৰা দিল্লীলৈ যোৱা জীতেন্দ্ৰ সিং বৰ্তমান ৰাজস্থানত৷ দুই-এদিনতে তেওঁ অসম ভ্ৰমণৰ ওপৰত প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিব ৰাহুল গান্ধীৰ হাতত৷ আমাৰ হাতত পৰা খবৰ মতে, জীতেন্দ্ৰ সিঙে গুৰুত্ব দিছে তৰুণ প্ৰজন্মক৷ ৫০ ঊৰ্ধ্বৰ নেতাৰ বাবে শুভ খবৰ নাই৷ ৫০ৰ তলৰ নেতাৰ কাম-কাজত বিশ্বাসী সিং৷

এইক্ষেত্ৰত সমষ্টিত কাম কৰা তথ্যৰ ভিত্তিত ২০২১ৰ নিৰ্বাচনত টিকট প্ৰদানৰ গুৰুত্ব দিয়াৰ পূৰ্ণ সম্ভৱনা আছে৷ ইপিনে তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সাতদিনীয়া অসম ভ্ৰমণৰ পিছত প্ৰদেশ কংগ্ৰেছৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে বুলি দাবী কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷

বিধায়ক জাকিৰে ক'লে- “ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দি গ'ল আমাৰ নৱনিযুক্ত তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷ ৰাইজৰ বিপদৰ কালত কাষত থাকি সহায় কৰিবলৈ আমাক কৈ গৈছে৷ তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰিবলৈও তেওঁ দিলে নিৰ্দেশ দিছে৷”

কিন্তু জীতেন্দ্ৰ সিঙৰ সাতদিনীয়া অসম ভ্ৰমণৰ বিষয়টোয়ে চিন্তিত কৰি তুলিছে শাসকীয় BJPক৷ সিঙে চাহজনগোষ্ঠীয় লোকৰ ঘৰত নিশা কটাই চাহ জনগোষ্ঠী প্ৰীতি প্ৰদৰ্শন কৰাত শংকিত হৈছে BJP৷

BJPৰ মুখপাত্ৰ তথা বিধায়ক ডাঃ নোমল মমিনে ক'লে- “১৯৪৭ৰ পিছৰ পৰা কংগ্ৰেছে একো নিদিলে চাহ জনগোষ্ঠীক৷ যি দিছে BJP–এ দিছে বাগানক৷ বাগানত হাইস্কুল আমি পাতিছো৷ বাগানৰ ৰাস্তাবোৰ আমি বনাইছো৷ কংগ্ৰেছে স্বাধীনতাৰ পিছৰে পৰা বাগানৰ মানুহক নিমস দিছিল; নিমস চাহ খাইছিল৷ এতিয়া আমি চেনি দিছো৷ আগতে টকাৰ বিনিময়ত চাউল দিছিল৷ এতিয়া আমি বিনামূলীয়াকৈ চাউল দিছো বাগানত৷ বাগানৰ ৰাইজৰ বাবে BJP এতিয়া ত্ৰাণকৰ্তা৷”

BJPৰ মুখপাত্ৰ ডাঃ মমিনে ইয়াৰ লগতে ক'লে- “চাহজনগোষ্ঠীৰ ওচৰত কংগ্ৰেছে ক্ষমা খুজিব লাগে৷ স্বাধীনতাৰ পিছত বাগানৰ বাবে তেওঁলোকে একোৱেই নকৰিলে৷ বাগানৰ ৰাইজ পূৰ্বে সাৰ পাইছিল গুলী-বাৰুদৰ শব্দত৷ এতিয়া বাগানৰ ৰাইজ সাৰ পাই চৰাইৰ মাতত৷”

মুঠতে জীতেন্দ্ৰ সিঙৰ অসম ভ্ৰমণৰ পিছতে এতিয়া নিৰ্বাচনকেন্দ্ৰিক এক পৰিৱেশৰ সূচনা হৈছে অসমত৷

শেহতীয়া বাতৰি