মুখ্যপৃষ্ঠা »খবৰ »অসম »গছত কঁঠাল ওঁঠত তেল! কংগ্ৰেছ–AIUDFৰ মিত্ৰতাক লৈ আচল কথাটো কৈ দিলে জীতেন্দ্ৰ সিঙে

গছত কঁঠাল ওঁঠত তেল! কংগ্ৰেছ–AIUDFৰ মিত্ৰতাক লৈ আচল কথাটো কৈ দিলে জীতেন্দ্ৰ সিঙে

তত্বাবধায়ক হিচাপে নিযুক্তি পোৱাৰ পিছত ১ নৱেম্বৰৰ পৰা প্ৰথমটো অসম ভ্ৰমণত থকা জীতেন্দ্ৰ সিঙে শুকুৰবাৰে মিত্ৰতা সন্দৰ্ভত দিলে স্পষ্টীকৰণ৷

  • Share this:
গছত কঁঠাল, ওঁঠত তেলৰ দৰে হ'ল প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱিত মহাজোঁট বন্ধনৰ বিষয়টো৷ ২০২১ৰ নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF আৰু BJP বিৰোধী দলসমূহক লৈ মহাজোঁট বন্ধনৰ বাবে আগবাঢ়িছিল প্ৰদেশ কংগ্ৰেছ৷ ইতিমধ্যে বাওঁপন্থী দলসমূহৰ সৈতে আৰু AIUDFৰ সৈতে সুকীয়া সুকীয়াকৈ প্ৰদেশ কংগ্ৰেছে বহু কেইখন আলোচনাত মিলিত হৈছে৷

কিন্তু প্ৰদেশ কংগ্ৰেছৰ এই সকলো প্ৰচেষ্টাক একমুখে নসাৎ কৰি দিলে AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ নৱ নিযুক্ত তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷ তত্বাবধায়ক হিচাপে নিযুক্তি পোৱাৰ পিছত ১ নৱেম্বৰৰ পৰা প্ৰথমটো অসম ভ্ৰমণত থকা জীতেন্দ্ৰ সিঙে শুকুৰবাৰে মিত্ৰতা সন্দৰ্ভত দিলে স্পষ্টীকৰণ৷

শুকুৰবাৰে APCCৰ তত্ত্বাৱধায়ক সিঙে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ক'লে - “AIUDFৰে কংগ্ৰেছৰ কোনো মিত্ৰতা হোৱা নাই৷ যি কথা ওলাই আছে সেয়া ব্যক্তিগত পৰ্যায়ত চলা আলোচনাহে৷ কোনো দলৰ সৈতে মিত্ৰতা হ'বলৈ হ'লে সিদ্ধান্ত ল'ব AICCয়েহে৷ ইয়াত কোনো ব্যক্তি বিশেষে ল'ব নোৱাৰে৷ ব্যক্তিগত পৰ্যায়ত AIUDFৰ সৈতে কোনো কোনোৱে মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিছে৷ সেয়ে দলীয় আলোচনা নহয়৷”

শেহতীয়া বাতৰি