অতুল বৰাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু জীতেন গগৈ, বোকাখাত সমষ্টিত জীতেন গগৈ হ’ব নেকি AJPৰ সমৰ্থিত প্ৰাৰ্থী!

তাৎপৰ্যপূৰ্ণভাৱে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েও জীতেন গগৈক সাক্ষাৎ কৰি আঞ্চলিক ৰাজনীতি সম্পৰ্কত বহু কথা আলোচনা কৰে।
তাৎপৰ্যপূৰ্ণভাৱে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েও জীতেন গগৈক সাক্ষাৎ কৰি আঞ্চলিক ৰাজনীতি সম্পৰ্কত বহু কথা আলোচনা কৰে।
- News18 Assam
- Last Updated: September 24, 2020, 12:28 PM IST
২০০১ আৰু ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত জয় লাভ কৰা প্ৰাক্তন আলফা নেতা জীতেন গগৈয়ে বিশেষ কাৰণত ২০১৬ চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰা নাছিল। শেহতীয়াকৈ সমষ্টিটোত প্ৰাক্তন বিধায়ক জীতেন গগৈক লৈ বিশেষ চৰ্চা আৰম্ভ হৈছে। কিছুদিন পূৰ্বে বোকাখাতৰ জীতেন গগৈৰ বাসগৃহত কেবাঘণ্টাও ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াও যোগাযোগ কৰিছে বোকাখাতৰ দুবাৰৰ প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে।