আলোচনালৈ আহি পৰেশ বৰুৱাই অসমীয়া জাতিৰ সুৰক্ষাৰ দায়িত্ব লওকঃ জিতেন দত্ত

তিনিচুকীয়াৰ কাকপথাৰত আলফাৰ আলোচনাপন্থী গোটৰ সংবাদমেল
তিনিচুকীয়াৰ কাকপথাৰত আলফাৰ আলোচনাপন্থী গোটৰ সংবাদমেল
- News18 Assam
- Last Updated: March 2, 2020, 6:56 PM IST
সংবাদ মেলৰ জৰিয়তে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আলফা আৰু চৰকাৰ দুয়োপক্ষই আঁকোৰগোজ মনোভাৱ পৰিত্যাগ কৰাৰ আহ্বান আলফাৰ কাকপথাৰ শিবিৰৰ । মূলসুঁতিলৈ আহি পৰেশ বৰুৱাক অসমীয়া জাতিৰ সুৰক্ষাৰ দায়িত্ব লবলৈও আহ্বান জনালে আলফা নেতা জিতেন দত্তই ।
ইফালে সংবাদমেলত আলফা নেতা প্ৰবাল নেওঁগে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে সঘনাই বাৰ্তালাপ হোৱা বুলি মন্তব্য কৰি যদিহে সাৰ্বভৌমত্বৰ বিষয়টো আলোচনাত স্থান পায় তেনেহলে পৰেশ বৰুৱা আলোচনাৰ বাবে আগ্ৰহী বুলিও মন্তব্য কৰে ।