মুখ্যপৃষ্ঠা »খবৰ »অসম »ULFA-Iৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ অধিনায়ক পদত নিযুক্তি জিষ্ণু অসমক

ULFA-Iৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ অধিনায়ক পদত নিযুক্তি জিষ্ণু অসমক

পূৰ্বে ৱেষ্টাৰ্ণ কামাণ্ডৰ দায়িত্বত আছিল উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা৷

পূৰ্বে ৱেষ্টাৰ্ণ কামাণ্ডৰ দায়িত্বত আছিল উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা৷

পূৰ্বে ৱেষ্টাৰ্ণ কামাণ্ডৰ দায়িত্বত আছিল উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা৷

  • Share this:
নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ নতুন অধিনায়ক পদত নিযুক্তি দিয়া হৈছে জিষ্ণু অসমক৷ শুকুৰবাৰে এই কথা সদৰি কৰে আলফা স্বাধীনে৷ শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনৰ মুখ্য সেনাপ্ৰধান তথা সংগঠনৰ উপ-সভাপতি পৰেশ বৰুৱাই আৰ্মী নং ১৬৪৭৯ৰ মেজৰ জিষ্ণু অসমক নিযুক্তি দিয়ে৷

ইয়াৰ পূৰ্বে ৱেষ্টাৰ্ণ কামাণ্ডৰ দায়িত্বত আছিল উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা৷ কিন্তু বিগত ১১ নৱেম্বৰত দৃষ্টি ৰাজখোৱাই চাৰি সৰ্তীথসহ আত্মসমৰ্পণ কৰাত ১৩ নৱেম্বৰত উপ-সেনাধ্যক্ষৰ দায়িত্বত পৰেশ বৰুৱাই নিযুক্তি দিয়ে মাইকেল ডেকাফুকনক৷

উল্লেখযোগ্য যে দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছত আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ড শূন্য হোৱা বুলি দাবী কৰিছিল সেনা-আৰক্ষীয়ে৷ এনে সময়তে পৰেশ বৰুৱাই সংগঠনৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ দায়িত্বত ভাৰপ্ৰাপ্ত অধিনায়ক পদত জিষ্ণু অসমক অৰ্পণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত তথ্য মতে, জিষ্ণু অসম ১৯৯৯ বৰ্ষত সামৰিক প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আৰু দীৰ্ঘদিন ধৰি নামনি অসমত কাম কৰি আহিছে৷

শেহতীয়া বাতৰি