মুখ্যপৃষ্ঠা » খবৰ

» অসম

»JioMart: গুৱাহাটীত আৰম্ভ হৈছে জিঅ'মাৰ্ট পাৰ্টনাৰ এপ, দোকানী আৰু কিৰানাৰ বাবেও লৈছে কাৰ্যসূচী

JioMart: গুৱাহাটীত আৰম্ভ হৈছে জিঅ'মাৰ্ট পাৰ্টনাৰ এপ, দোকানী আৰু কিৰানাৰ বাবেও লৈছে কাৰ্যসূচী

News18 Assam | News18-Assam
Updated:July 10, 2021, 6:41 PM IST
JioMart: গুৱাহাটীত আৰম্ভ হৈছে জিঅ'মাৰ্ট পাৰ্টনাৰ এপ, দোকানী আৰু কিৰানাৰ বাবেও লৈছে কাৰ্যসূচী
উল্লেখ্য, জিঅ'মাৰ্ট কিৰানা পাৰ্টনাৰে সৰু চুবুৰীয়া কিৰানা দোকানৰ পৰিৱৰ্তনতো সহায় কৰে।

উল্লেখ্য, জিঅ'মাৰ্ট কিৰানা পাৰ্টনাৰে সৰু চুবুৰীয়া কিৰানা দোকানৰ পৰিৱৰ্তনতো সহায় কৰে।

  • Share this:

নতুন বাণিজ্য উদ্যোগৰ আৰম্ভণি ত্বৰান্বিত কৰিছে জিঅ'মাৰ্টে। গুৱাহাটীত ৰিলায়েন্সৰ জিঅ' মাৰ্টে লৈছে এক বিশেষ বাণিজ্যিক কাৰ্যসূচী। ব্যৱসায়ী আৰু কিৰানাসকলৰ বাবে জিঅ'মাৰ্টে গুৱাহাটীত জিঅ'মাৰ্ট পাৰ্টনাৰ এপ JioMart Partner app আৰু জিঅ'মাৰ্ট কিৰানা কাৰ্যসূচী (JioSmart Kirana programme) লৈছে। এই নতুন অভিযানৰ জৰিয়তে ৰিলায়েন্সে (Reliance Retail) গুৱাহাটীৰ কিৰানা ( kiranas) আৰু ব্যৱসায়ীসকলৰ ওচৰলৈ যাব, যাৰ পৰা লাভ অৰ্জনৰ সুবিধা আছে ব্যৱসায়ী তথা গ্ৰাহকৰ।


নতুন বাণিজ্য প্ৰস্তাৱ কি?


জিঅ'মাৰ্ট পাৰ্টনাৰঃ ব্যৱসায়ীসকলে তেওঁলোকৰ ম'বাইল ফোনত জিঅ'মাৰ্ট পাৰ্টনাৰ এপটো ডাউনলোড কৰি জিঅ'মাৰ্ট পাৰ্টনাৰৰ অংশীদাৰ হ'ব পাৰিব আৰু অৰ্ডাৰ দিয়া আৰম্ভ কৰাৰ লগে লগে সামগ্ৰী কিনিব পাৰিব লগতে পৰৱৰ্তী দিনত বিনামূলীয়াকৈ ডেলিভাৰী পাব।



জিঅ' মাৰ্ট কিৰানা কাৰ্যসূচীঃ ব্যৱসায়ী আৰু দোকানীসকলেও জিঅ'মাৰ্ট কিৰানাৰ অংশ হ'ব পাৰে। ইয়াৰ বাবে ৩০০০ টকাৰ ৰিফাণ্ডেবল ছিকিউৰিটি ডিপজিটৰ বিপৰীতে প্ৰযুক্তি-সক্ষম জিঅ'পিঅ'এছ (JioPOS) ডিভাইচ বাছনি কৰিব পাৰিব। এই জিঅ'পিঅ'এছৰ দ্বাৰা অৰ্ডাৰ দিয়া, ইনভেণ্টৰী পৰিচালনা কৰা, সকলো বিলিং আৰু ইনভইচিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। লগতে ডিজিটেল পেমেণ্ট গ্ৰহণ কৰাৰ উপৰি দোকানীয়ে গ্ৰাহকসকললৈ ৰেহাই কুপনো প্ৰেৰণ কৰিব পাৰে।


ষ্ট'ৰ ট্ৰেন্সফৰ্মেচনঃ ব্যৱসায়ীসকলে তেওঁলোকৰ দোকানবোৰ স্বসেৱা বিপণীলৈও পৰিৱৰ্তিত কৰিব পাৰিব।


জিঅ'মাৰ্টৰ নতুন বাণিজ্য সমাধানৰ এটা সৰল প্ৰতিশ্ৰুতি হ'ল– 'গ্ৰাহক আপোনাৰ সমৰ্থন আমাৰ' – 'আমি আপোনাক সমৰ্থন কৰো, যাতে আপুনি আপোনাৰ গ্ৰাহকসকলক ভালদৰে সেৱা আগবঢ়াব পাৰে'।


ব্যৱসায়িক অংশীদাৰসকলৰ বাবে এই প্ৰতিশ্ৰুতিৰ ওপৰত বক্তব্য ৰাখি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ২০২১ চনৰ জুনৰ এজিএমত এই বাণিজ্য নীতিয়ে ভাৰতৰ আৰ্থ-সামাজিক পৰিৱৰ্তন আৰম্ভ কৰিব বুলি উল্লেখ কৰিছিল। উল্লেখ্য, জিঅ'মাৰ্ট কিৰানা পাৰ্টনাৰে সৰু চুবুৰীয়া কিৰানা দোকানৰ পৰিৱৰ্তনতো সহায় কৰে। ই নিশ্চিত কৰে যে কিৰানাই আধুনিক ৰিটেইলাৰ আৰু বৃহৎ ই-কমাৰ্চ প্লেটফৰ্মৰ সৈতে ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে। কেইবাখনো চহৰৰ হাজাৰ হাজাৰ কিৰানাই ইতিমধ্যে এই প্ৰযুক্তিৰ লাভালাভৰ অভিজ্ঞতা লাভ কৰিছে। জিঅ' মাৰ্ট পাৰ্টনাৰ আৰু জিঅ'মাৰ্ট কিৰানা কাৰ্যসূচীৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে ব্যৱসায়ীসকলে কল অন কৰিব পাৰে 18008962000 বা www.jio.com/JPP.  ত গৈ চাব পাৰে।

Published by: Gautam Barman
First published: July 10, 2021, 6:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি