সমগ্ৰ দেশতে Jioৰ গ্ৰাহকে লাভ কৰিব বিনামূলীয়া Voice আৰু Video Wi-fi কলিং সেৱা

News18 Assam | News18-Assam
Updated:January 8, 2020, 7:09 PM IST
সমগ্ৰ দেশতে Jioৰ গ্ৰাহকে লাভ কৰিব বিনামূলীয়া Voice আৰু Video Wi-fi কলিং সেৱা
Source-Jio

জিঅ’ Wifi কলিঙৰ কাৰণে গ্ৰাহকে যিকোনো wifi নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব

  • Share this:
আজি দেশজুৰি মুকলি  কৰা হ’ল Jioৰ বিনামূলীয়া Voice আৰু Video Wi-fi কলিং সেৱা। জিঅ’ই ইতিমধ্যে কেইবা মাহৰ পৰাই এই সেৱাৰ পৰীক্ষা–নিৰীক্ষা কৰি আছে।

এই সেৱাৰ বিশেষত্ব কি? 

গ্ৰাহকে যিকোনো ধৰণৰ WiFi নেটৱৰ্কৰ সহায়ত Jioৰ এই সুবিধা উপভোগ কৰিব পাৰিব।

উন্নত সুবিধা লাভ কৰিবলৈ ফোন কলক voLTE আৰু Wi-Fiৰ মাজত চুইটচ কৰিব পাৰিব।

জিঅ’ Wifi কলিং ১৫০তকৈও বেছি হেণ্ডছেটত কাম কৰিব।

Wifi কলৰ জৰিয়তে গ্ৰাহকে ভিডিঅ’ও নিৰ্মাণ কৰিব পাৰিব।

জিঅ’ৰ এই নতুন সেৱা মুকলি কৰি জিঅ’ৰ ডাইৰেক্টৰ মুকেশ আম্বানীয়ে কয় যে, ‘জিঅ’ৰ জৰিয়তে আমি ধাৰাবাহিক ভাবে গ্ৰাহকৰ সমস্যা সমূহ সমাধান আৰু নতুন নতুন সেৱা প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। বৰ্তমান সময়ত প্ৰতিজন গ্ৰাহকে মাহে প্ৰায় ৯০০ মিনিট wifi কল সেৱা ব্যৱহাৰ কৰিব পাৰে আৰু ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। সেইসময়তে জিঅ’ৰ বিনামূলীয়া ৱাই–ফাই সেৱা মুকলি কৰাতো অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি