Reliance Jio ই আজি দেশৰ ৫০খন চহৰত Jio True 5G সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে দেশৰ ১৮৪খন চহৰৰ Jio ব্যৱহাৰকাৰীয়ে এতিয়া Jio 5G সেৱা উপভোগ কৰিবলৈ সক্ষম হৈছে। সুখবৰ যে, এই পৰ্যায়ত থকা দেশৰ ৫০খন চহৰৰ তালিকাত নাম সন্নিবিষ্ট হৈছে অসমৰ একমাত্ৰ নগাঁও চহৰৰ নাম।
এই চহৰসমূহৰ অধিকাংশতে 5G সেৱা আৰম্ভ কৰা প্ৰথম আৰু একমাত্ৰ অপাৰেটৰ হিচাপে পৰিগণিত হৈছে Reliance Jio। এই চহৰসমূহৰ জিঅ’ ব্যৱহাৰকাৰীসকলক আজিৰ পৰা ১ জিবিপিএছ+ স্পীডলৈকে, কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ আনলিমিটেড ডাটা অভিজ্ঞতা লাভ কৰিবলৈ Jio Welcome Offer লৈ আমন্ত্ৰণ জনোৱা হ’ব।
এই সন্দৰ্ভত মন্তব্য কৰি জিঅ’ৰ এগৰাকী মুখপাত্ৰই কয় যে “দেশৰ মুঠ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০খন অতিৰিক্ত চহৰত জিঅ’ ট্ৰু ৫জি সেৱা আৰম্ভ কৰিবলৈ পাই আমি আনন্দিত হৈছো, যাৰ ফলত মুঠ ১৮৪খন চহৰলৈ বৃদ্ধি পাইছে। ই কেৱল ভাৰততে নহয়, বিশ্বৰ যিকোনো ঠাইত 5G সেৱাৰ ক্ষেত্ৰত অন্যতম বৃহৎ ৰোলআউট।
জিঅ'য়ে সমগ্ৰ দেশতে ট্ৰু ৫জি ৰোলআউটৰ গতি আৰু ক্ষীপ্ৰতা বৃদ্ধি কৰি প্ৰতিজন জিঅ’ ব্যৱহাৰকাৰীক ২০২৩ চনৰ নতুন বছৰত জিঅ’ ট্ৰু ৫জি প্ৰযুক্তিৰ পৰিৱৰ্তনশীল সুবিধা উপভোগ কৰাৰ চেষ্টা কৰিব বুলিও উল্লেখ কৰে। সমগ্ৰ ৰাষ্ট্ৰই জিঅ’ ট্ৰু ৫জি সেৱা ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত উপভোগ কৰি লাভৱান হ’ব পাৰিব বুলি জনাই জিঅ'য়ে।
জিঅ'য়ে দেশৰ প্ৰতিটো অঞ্চল ডিজিটেলাইজ কৰাৰ অভিযানত অন্ধ প্ৰদেশ, অসম, ছত্তীশগড়, গোৱা, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগৰ ৰাজ্য চৰকাৰসমূহে আগবঢ়োৱা অবিৰত সহায়ৰ বাবে জিঅ'য়ে কৃতজ্ঞতা জ্ঞাপন কৰে বুলিও উল্লেখ কৰে জিঅ'ৰ মুখপাত্ৰগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|