உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জিলা BJPকো মাটি প্ৰদানৰ বাবে কেবিনেটে দিলে অনুমোদন! সতীৰ্থ মন্ত্ৰীয়েহে স্পষ্ট কৰিলে উদ্যোগ মন্ত্ৰীয়ে গোপনে ৰখা সিদ্ধান্ত

    জিলা BJPকো মাটি প্ৰদানৰ বাবে কেবিনেটে দিলে অনুমোদন! সতীৰ্থ মন্ত্ৰীয়েহে স্পষ্ট কৰিলে উদ্যোগ মন্ত্ৰীয়ে গোপনে ৰখা সিদ্ধান্ত

    এই সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনক কৰা প্ৰশ্নত সকলো কথা সদৰি কৰিলে ৷

    এই সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনক কৰা প্ৰশ্নত সকলো কথা সদৰি কৰিলে ৷

    এই সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনক কৰা প্ৰশ্নত সকলো কথা সদৰি কৰিলে ৷

    • Share this:
    বিগত ২৬ মে'ত খানাপাৰাৰ অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সভাৰ কেবিনেট বৈঠক ৷ সেই বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু ২৬ মে'ৰ কেবিনেটৰ বহু কেইটা সিদ্ধান্তৰ কথা ৰাজহুৱা নকৰিলে চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পিছে কেবিনেটৰ সিদ্ধান্তক কিয় গোপনীয় কৰিলে মন্ত্ৰী পাটোৱাৰীয়ে? কি আছিল কেবিনেটৰ সিদ্ধান্ত?

    এই সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনক কৰা প্ৰশ্নত সকলো কথা সদৰি কৰিলে ৷ মন্ত্ৰী যোগেন মহনে ক'লে- “BJPৰ জিলা কমিটিক মাটি দিয়া হৈছে ৷  কেবিনেটে মাটি প্ৰদানত দিছে অনুমোদন ৷ নলবাৰী আৰু বৰপেটা জিলা কমিটিক মাটি দিয়া হৈছে ৷”

    চৰকাৰ নিজৰ ৷ গতিকে দলৰ জিলা কমিটিক দিয়া হৈছে মাটিৰ আবন্টন ৷ কেৱল ইমানেই নহয়, মন্ত্ৰী যোগেন মহনে ক'লে- “এখন স্কুলকে দিয়া হোৱা নাই মাটি ৷ কেবিনেটে দহখন স্কুলক মাটি দিয়াৰ সিদ্ধান্তত অনুমোদন দিছে ৷ শংকৰদেৱ বিদ্যানিকেতনৰ বাবে দিয়া হৈছে মাটি ৷”

    কেবিনেটৰ এই সিদ্ধান্তৰ কথাক কিন্তু গোপনীয় কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ এই সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্ত্ৰী পাটোৱাৰীক কৰিলে সমালোচনা- “কিমান সঁচা কথা কয় চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজেই নাজানে ৷ মিছাৰ ৰজা তেওঁ ৷ ৱছম আছামৰ নামত কিমান মিছা মাতিলে, ৰাইজে দেখিলে ৷”

    তৰুণ গগৈৰ দাবী- “তেওঁৰ দিনত এনেদৰে কংগ্ৰেছক চৰকাৰী মাটি আবন্টন দিয়া হোৱা নাছিল ৷ এতিয়া BJPয়ে দিছে ৷ এয়াই পৰিৱৰ্তন ৷”
    First published: