মুখ্যপৃষ্ঠা »খবৰ »অসম »‘জাইকা’ৰ প্ৰতিনিধি দলৰ সৈতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক, ‘জাইকা’ৰ পুঁজিৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা প্ৰকল্পৰ বুজ ল’লে দলটোৱে

‘জাইকা’ৰ প্ৰতিনিধি দলৰ সৈতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক, ‘জাইকা’ৰ পুঁজিৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা প্ৰকল্পৰ বুজ ল’লে দলটোৱে

জাইকাৰ চাৰিগৰাকী সদস্যৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে বুধবাৰে নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে এখ আলোচনাত মিলিত হয়।

জাইকাৰ চাৰিগৰাকী সদস্যৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে বুধবাৰে নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে এখ আলোচনাত মিলিত হয়।

  • Share this:
জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী (জাইকা)ৰ আৰ্থিক সহযোগিতাৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা 'অসমৰ স্বাস্থ্য আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্প'ক লৈ অসম ভ্ৰমণলৈ অহা জাইকাৰ চাৰিগৰাকী সদস্যৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে বুধবাৰে নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে এখ আলোচনাত মিলিত হয়। জাইকাৰ টকিঅ'স্থিত মুখ্য কাৰ্যালয়ৰ ছাউথ ইষ্ট এছিয়া বিভাগৰ সহকাৰী উপ–সঞ্চালিকা য়ুক' শ্বিনোহাৰাৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৰ আন তিনিগৰাকী সদস্যা হৈছে ছাউথ এছিয়া বিভাগৰ প্ৰকল্প বিষয়া কিম'টছুকী, জাইকাৰ ভাৰতস্থিত প্ৰতিনিধি ৰিঅ' অ'হগুচি আৰু প্ৰিন্সিপাল ডেভেল'পমেণ্ট স্পেচিয়েলিষ্ট অদিতি পুৰী।

জাইকাৰ প্ৰতিনিধি দলটোৱে বুধবাৰে নিশা গুৱাহাটীৰ তাজ ভিভাণ্টাত স্বাস্থ্যমন্ত্ৰী মহন্তৰ সৈতে মিলিত হোৱাৰ সময়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু আয়ুক্ত-সচিব তথা অসম স্বাস্থ্য আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্পৰ সঞ্চালক সিদ্ধাৰ্থ সিঙো উপস্থিত থাকে।

স্বাস্থ্যমন্ত্ৰী আৰু জাইকাৰ প্ৰতিনিধি দলটোৰে হোৱা আলোচনাত জাইকাৰ পুঁজিৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা প্ৰকল্পৰ অধীনত ৰাজ্যৰ ছখন চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ হ'ব লগা ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ লগতে ছখন জিলা অসামৰিক চিকিৎসালয়ৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ বিষয়ে চৰ্চা কৰা হয়।

উল্লেখ্য যে, জাইকাৰ এই প্ৰকল্পৰ অধীনত শিলচৰ, তেজপুৰ, বৰপেটা, ডিফু আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এখনকৈ ছুপাৰস্পেচিয়েলিটী হাস্পতাল আৰু শিলচৰ, ওদালগুৰি, হোজাই, হাইলাকাণ্ডি, দৰং আৰু ডিমা হাচাও জিলা অসামৰিক চিকিৎসালয়ত  ছুপাৰস্পেচিয়েলিটী পৰ্যায়ৰ হাস্পতাল নিৰ্মাণ কৰা হ'ব। যোৱা ৪ এপ্ৰিলত অসমলৈ অহা জাইকাৰ প্ৰতিনিধি দলটোৱে বুধবাৰে দিনৰ ভাগত মঙলদৈলৈ গৈ জাইকাৰ প্ৰকল্পই সামৰি ল'ব লগা দৰং জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে।

শেহতীয়া বাতৰি